Local, Vocal, Global

ডিপ্ৰেচনত ভোগা নাছিল সুশান্ত সিং ৰাজপুত

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ দুমাহৰ পিছতো পোহৰলৈ আহিছে নিতৌ নতুন নতুন তথ্য ৷ এইবাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে এগৰাকী পুৰোহিতে কৰা মন্তব্যই ৷ পুৰোহিত পণ্ডিত গোৱিন্দ নাৰায়ণৰ দাবী ডিপ্ৰেচনত ভোগা নাছিল সুশান্ত সিং ৰাজপুত৷ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ প্ৰায় দুমাহ পিছত তেওঁৰ এটা ভিডিঅ’ পোহৰলৈ আহে ৷

ভিডিঅ’টোত পৰিয়ালৰ সৈতে পূজা কৰি থকা অৱস্থাত দেখা গৈছিল অভিনেতাগৰাকীক ৷ উক্ত পূজাত পূজাৰী হিচাপে আছিল পণ্ডিত গোৱিন্দ নাৰায়ণ ৷ পূজাৰীগৰাকীয়ে কয় যে পূজাৰ সময়ত অভিনেতাগৰাকীৰ লগতে পৰিয়ালৰ সকলো সদস্যক প্ৰফুল্লিত অৱস্থাত দেখা গৈছিল৷ সুশান্তক ডিপ্ৰেচনত ভোগাৰ কোনো লক্ষণেই তেওঁ দেখা নাছিল ৷ লগতে সুশান্তৰ দৰে এগৰাকী ব্যক্তিয়ে আত্মহত্যা কৰা ঘটনাই তেওঁক আচম্বিত কৰি তুলিছিল ৷ লক্ষণীয়ভাবে ভিডিঅ’টোত দেখা পোৱা হোৱা নাছিল সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক৷