Local, Vocal, Global

Indian staff member with the UN killed in Gaza : গাজাত ৰাষ্ট্ৰসংঘৰ বাহনত আক্ৰমণ, নিহত এগৰাকী ভাৰতীয় কৰ্মচাৰী,আহত এজন

ইণ্টাৰনেশ্যনেল ডেস্ক,১৪মে’ : অব্যাহত আছে ইজৰাইল আৰু হামাছৰ সংঘৰ্ষ । বিগত বৰ্ষৰ ৭অক্টোবৰত হৈছিল ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, তাৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ । ৭অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত । তাৰ পিছতে যেন দুয়োখন দেশৰ মাজত যুদ্ধ সাম কটাৰ যেন নামে লোৱা নাই(Israel-Hamas war) ।

বৰ্তমানেও অন্ত পৰা নাই ইজৰাইল-হামাছৰ মাজৰ যুদ্ধৰ বিভীষিকা ৷ অব্যাহত আছে দুয়োখন দেশৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ ।

দুয়োখন দেশৰ মাজত সংঘৰ্ষ অব্যাহত থকাৰ মাজতে গাজাত এগৰাকী ভাৰতীয়ৰ মৃত্যুৰ খবৰ পোৱা গৈছে । ৰাষ্ট্ৰসংঘৰ সৈতে কাম কৰিছিল মৃত ভাৰতীয়গৰাকীয়ে । ৰাষ্ট্ৰসংঘৰ বাবে আন্তঃৰাষ্ট্ৰীয় কৰ্মচাৰীৰ মৃত্যুৰ এয়া প্ৰথমটো ঘটনা বুলি জানিব পৰা গৈছে(Indian staff member with the UN killed in Gaza) ।

জানিব পৰা মতে, ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰীজনে যাত্ৰা কৰি থকা সময়তে ৰাফাত তেওঁৰ বাহনখনত আক্ৰমণ কৰিছিল । তেওঁ ৰাষ্ট্ৰসংঘৰ সুৰক্ষা আৰু নিৰাপত্তা বিভাগৰ (ডিএছএছ) কৰ্মচাৰী আছিল । খবৰ অনুসৰি ভুক্তভোগীৰ পৰিচয় বৰ্তমানলৈ প্ৰকাশ কৰা হোৱা নাই যদিও তেওঁ ভাৰতৰ আৰু ভাৰতীয় সেনাৰ এগৰাকী প্ৰাক্তন জোৱান আছিল । এই আক্ৰমণত আন এগৰাকী ডিএছএছ কৰ্মচাৰী আঘাতপ্ৰাপ্ত হয় । তেওঁলোকৰ বাহনখন ৰাফাৰ ইউৰোপীয় চিকিৎসালয়লৈ যাত্ৰা কৰি আছিল(Indian staff member with the United Nations killed in Gaza) ।

ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছে সোমবাৰে পুৱা এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে ।

লগতে পঢ়ক : Six killed in road accident on Lucknow-Delhi highway : শোকাৱহ পথ দুৰ্ঘটনা; নিহত ৬জন