Local, Vocal, Global

Tragic Accidents in Bilasipara : ঈদৰ বজাৰ কৰি ঘৰলৈ উভতাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা

নিউজ ডেস্ক,১০এপ্ৰিল : ঈদৰ বজাৰ কৰি ঘৰলৈ উভতাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন পথচাৰী, আহত এজন(Tragic Accidents in Bilasipara)।

বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা । বুধবাৰে বিলাসীপাৰাৰ সূৰ্য খাতাত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো ।

ঘটনাৰ বিৱৰণ অনুসৰি, বিলাসীপাৰাৰ সূৰ্য খাতা পেট্ৰল পাম্পৰ সন্মুখত ৰাস্তা পাৰ হওঁতেই তীব্ৰ বেগী মটৰ চাইকেলৰ খুন্দা মৰাৰ ফলত থিতাতে নিহত এজন, আনহাতে আহত হয় এজন। আহত লোকজনক সংকটজনক অৱস্থাত চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয় । ইফালে নিহত লোকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজে লৈ যোৱা হয় ।

জানিব পৰা মতে, নিহত ব্যক্তি গৰাকীৰ ঘৰ বিলাসীপাৰাৰ সূৰ্য খাতা ২য় খণ্ড গাঁৱৰ । নাম মজিদ সেখ বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : 19 Indian fishermen repatriated from Sri Lanka : শ্ৰীলংকাত আবদ্ধ ১৯জন ভাৰতীয় মাছমৰীয়াক মুকলি