Local, Vocal, Global

ডিব্ৰুগড়ৰ এটা প্ৰতিষ্ঠানত এজাক ছাত্ৰীৰ হাহাঁকাৰ!

ডিব্ৰুগড়, ১০এপ্ৰিল : ডিব্ৰুগড়ৰ মিলন নগৰত অৱস্থিত সঞ্জীৱনী হেলথকেয়াৰ স্কিল এডুকেশ্বন ইনষ্টিটিউটত তীব্ৰ উত্তেজনা। চৰকাৰী ইনষ্টিটিউট বুলি নামভৰ্তি কৰি বিপাঙৰ পৰিছে ছাত্ৰী সকল। বেচৰকাৰী প্ৰতিষ্ঠানৰ বুলি অৱগত হোৱাৰ পিছত ছাত্ৰী সকলৰ মাজত লাগে হাহাকাৰ। এনে পৰিস্থিতিত ছাত্ৰী সকলক তলা বন্ধ কৰি আৱদ্ধ কৰাক লৈ তীব্ৰ চাঞ্চল্য।

তিনিবাৰকৈ সলনি কৰা হৈছে প্ৰতিষ্ঠান খনৰ নাম। প্ৰথম অৱস্থাত অসম পেৰা মেডিকেল ইনষ্টিটিউট তাৰ পাছত সলনি কৰি আসাম ভকেচনেল ইনষ্টিটিউট আৰু বৰ্তমান সঞ্জীৱনী হেলথ কেয়াৰ ইনষ্টিটিউট বুলি নামাকৰণ কৰা হৈছে। আনহাতে তিনি মহলীয়া এই প্ৰতিষ্ঠানৰ দ্বিতীয় মহলাত আছে এক ৰিহেব চেন্টাৰ। ইয়াৰ ওপৰত মহলাতে ছাত্ৰী সকলৰ ক্লাছ হোৱাৰ লগতে তলৰ মহলাত ছাত্ৰী সকল ৰাতি থাকিব লগা হয়।ফলত নিৰাপত্তাৰ অভাৱত ছাত্ৰীসকল। তিনিচুকীয়াৰ জনৈক চুতীয়া নামৰ লোক জনৰ মালিকানাধীন এই প্ৰতিষ্ঠানটোৰ বিজ্ঞাপন অনুসৰি ন- মাহ পূৰ্বে নামভৰ্তি কৰা হৈছিল।

অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু নাগালেণ্ডৰ পৰাও আহিছিল ছাত্ৰী সকল এ এন এম নাৰ্ছ হোৱাৰ আশাত। অৱশেষত প্ৰতিষ্ঠানটোৰ প্ৰতাৰণা সন্দৰ্ভত জানিব পাৰি ভূক্তভোগী ছাত্ৰীসকলে আৰক্ষীৰ ওচৰত অভিযোগ
দাখিল কৰিবলৈ যোৱাৰ চেষ্টা কৰোঁতেই গেটত তলা মাৰি মালিক পক্ষ উধাও হোৱাৰ অভিযোগ উঠিছে।

শেহতীয়াকৈ দণ্ডাধীশসহ ডিব্ৰুগড় আৰক্ষী প্ৰতিষ্ঠানখনটোত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।।