Local, Vocal, Global

AJP leader Lurinjyoti Gogoi’s escort vehicle meets with accident : লুৰীণজ্যোতি গগৈৰ কনভয়ৰ গাড়ী দুৰ্ঘটনাগ্রস্ত

নিউজ ডেস্ক,১৪মে’ : লুৰীণজ্যোতি গগৈৰ কনভয়ৰ গাড়ী দুৰ্ঘটনাগ্রস্ত। সোমবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনাটো( AJP leader Lurinjyoti Gogoi’s escort vehicle meets with accident) ।

জানিব পৰা মতে, সোমবাৰে নিশা ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ দেহৰক্ষী বাহন পথ দুৰ্ঘটনাত পতিত হয় । ডিব্ৰুগড় চহৰৰ পৰা লাহোৱাল অভিমুখে গৈ থকা অৱস্থাত অকস্মাতে এজন চাইকেল আৰোহীক বচাবলৈ যাওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা তলত বাগৰি পৰে বাহনখন । দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ AS 01BT6376 নম্বৰৰ ইন’ভা বাহন ৷ লুৰীণজ্যোতি গগৈ থকা বাহনখনৰ পাচতেই আছিল দুৰ্ঘটনাগ্রস্ত হোৱা এছক’ৰ্ট বাহনখন ।

ইতিমধ্যে এই দুৰ্ঘটনাত আহত হোৱা ছয়জন ব্যক্তিক AMCH ত ভৰ্তি কৰোৱা হৈছে । লগতে চাইকেল আৰোহী গৰাকীকো AMCHত ভৰ্তি কৰা হৈছে । ইফালে নিশাই সকলোৰে চিকিৎসাৰ তদাৰক কৰে লুৰীণজ্যোতি গগৈয়ে ।

গগৈয়ে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া অনুসৰি, তেওঁলোকে এটা বিহু অনুষ্ঠানৰ বাবে গৈ থকাৰ পথতে এই দুৰ্ঘটনা সংঘটিত হয় ৷ এগৰাকী চাইকেল আৰোহী বিপৰীত দিশৰ পৰা আহি থাকোতেই তেওঁক বচাবলৈ গৈ বাহনখনে ডিভাইডাৰত খুন্দাৰ মৰাৰ ফলত দুৰ্ঘটনাত পতিত হ’বলগীয়া হয় ৷ চাইকেল আৰোহীগৰাকীয়ে হাতত অলপ কষ্ট পাইছে(AJP President Lurinjyoti Gogoi’s Escort Vehicle Involved In Road Accident In Dibrugarh) ৷

লগতে পঢ়ক : Youth Goes Missing in Siang River While Fishing : জোনাইত অঘটন; বন্ধুৰ সৈতে মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন যুৱক