Local, Vocal, Global

নুমলীগড়ত ক্ৰমাৎ ভয়ংকৰ হৈ পৰিছে হাতী-মানুহৰ সংঘাত

নুমলীগড়ত অব্যাহত আছে দিনে-নিশাই জাক জাক বন্যহস্তীৰ ত্ৰাস। নিশা নুমলীগড়ৰ ভিন্ন স্থানত পৃথকে পৃথকে উপদ্ৰৱ চলায় বন্যহস্তীয়ে। নুমলীগড় চাহ বাগিচাৰ বৰমহৰী পথাৰ লাইন আৰু পুৰাজংঘল অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱে টোপনি হৰিছে ৰাইজৰ। নিশা খাদ্যৰ সন্ধানত ওলাই অহা এটা বৃহৎ হাতীৰ জাকে বাগিচাৰ বৰমহৰী পথাৰ লাইনত কেইবাটাও বাসগৃহ ভাঙি চুৰমাৰ কৰাৰ লগতে ভাঙি লণ্ডভণ্ড কৰে এখন ব্যৱসায়িক প্ৰতিষ্ঠান। দিনৰভাগত বাগিচাত আশ্ৰয় লৈ থাকি নিশা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰে পোৱালিসহ বৃহৎ হাতীৰ জাকটোৱে। ইফালে বন বিভাগক খবৰ দিলেও বিভাগটোৱে হেমাহি কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে।