Local, Vocal, Global

অসমত লক্ষণ সলনি হৈছে নেকি কৰ’না ভাইৰাছৰ?

ৰাজ্যত কৰ’না আক্ৰান্তৰ সংখ্যা নিতৌ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যাও ৷ কিন্তু অসমত লক্ষণ সলনি হৈছে নেকি কৰ’না ভাইৰাছৰ? সোমবাৰে বিয়লি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় আন এগৰাকী কৰ’না আক্ৰান্তৰ। কিন্তু অনুপ তামুলী নামৰ কৰ’না আক্ৰান্তগৰাকীৰ মৃত্যুৰ পিছতে সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে চাঞ্চল্যৰ। হঠাতে অসুস্থ হৈ মজিয়াত ঢলি পৰি মৃত্যুক সাৱটি লয় অনুপ তামুলীয়ে।

তথ্য অনুসৰি বালিপৰাৰ ফুলবাৰীৰ পৰা অনুপ তামুলীক চিকিৎসাৰ বাবে TMCHলৈ অনা হৈছিল অনুপ তামুলীক। আবেলি তেজপুৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা অৱস্থাত বিস্কুট খাই খোজকাঢ়ি আছিল অনুপ৷ কিন্তু খোজকাঢ়ি থকা অৱস্থাতে ঢলি পৰে অনুপ তামুলী। পলমকৈ চিকিৎসক আহি চিকিৎসা সেৱা আগবঢ়াই যদিও লোকজনৰ মৃত্যু হয়।