Local, Vocal, Global

Drugs seized in Golaghat : গোলাঘাটত জব্দ প্ৰায় ৩.৫০ লাখ টকাৰ ড্ৰাগছ

নিউজ ডেস্ক,১০এপ্ৰিল : পুনৰ ৰাজ্যত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ । ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ গোলাঘাটত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ ।মঙলবাৰৰ নিশা গোলাঘাটত জব্দ কৰে প্ৰায় ৩.৫০ লাখ টকাৰ ড্ৰাগছ ৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, গোপন সূত্ৰৰ পম খেদি মঙলবাৰে নিশা গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গোলাঘাৰ মুক্তিধাম ধনশিৰি ক’লনীৰ বাবু দাস নামৰ এজন লোকৰ বাসগৃহত অভিযান চলায় আৰু অভিযান কালত চাবোনৰ বাকচত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ড্ৰাগছখিনি । জব্দকৃত ড্ৰাগছখিনিৰ ওজন ১৭ গ্ৰাম আৰু ইয়াৰ বজাৰৰ মূল্য প্ৰায় ৩.৫০ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে(Drugs seized in Golaghat)।

ইফালে আৰক্ষীৰ দল উপস্থিত হোৱাৰ উমান পাইয়েই ড্ৰাগছ সৰহবৰাকাৰী বাবু দাস ঘৰৰ পৰা পলায়ন কৰে । বৰ্তমান আৰক্ষীয়ে ড্ৰাগছবোৰ জব্দ কৰি ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । উল্লেখ কৰা প্ৰয়োজন যে ইয়াৰ পূৰ্বেও তিনিবাৰকৈ ড্ৰাগছ সৰহবৰাহৰ অভিযোগত জেললৈ গৈছিল পলাতক বাবু দাস ।

লগতে পঢ়ক : Tragic Accidents in Bilasipara : ঈদৰ বজাৰ কৰি ঘৰলৈ উভতাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা