Local, Vocal, Global

১ ফেব্ৰুৱাৰীৰ পৰা ১০০% লোকে প্ৰৱেশ কৰিব পাৰিব ছবি গৃহত

১ ফেব্ৰুৱাৰীৰ পৰা ১০০% লোকে প্ৰৱেশ কৰিব পাৰিব ছবি গৃহত

সমগ্ৰ দেশতে অব্যাহত থকা কৰোনা অতিমাৰিৰ বাবে বিগত ৭ মাহ ধৰি বন্ধহৈ আছিল দেশৰ ছবি গৃহ সমূহ। কিন্তু ফেব্ৰুৱাৰীৰ পৰা সম্পূৰ্ণ পূৰ্ণ গততিত আৰম্ভ হ’ব দেশৰ সকলো চিনেমা হল। এক বিবৃতি যোগে এই কথা প্ৰকাশ কৰে ভাৰতৰ তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়ে। তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়ে টুইট যোগে কয় যে- ‘১ ফেব্ৰুৱাৰীৰ পৰা চিনেমা হলত ১০০% ক্ষমতা অনুমোদন কৰা হৈছে,আমি আশাবাদী যে ই ছবিৰ মুক্তিৰ তাৰিখ ঘোষণা কৰি দৰ্শককসকলক সংখ্যাত চিনেমালৈ ঘূৰাই আনিব পাৰিব’।

ছবি গৃহত কি কি নীতি-নিয়ম আপুনি মানিব লাগিব?

ভাৰতৰ তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়ে এক SOP প্ৰকাশ কৰি কৈছে যে- ছবি গৃহত দৰ্শক সকলে ৬ ফুট দূৰত্ব বজাই ৰাখিব লাগিব আৰু সকলো সময়তে পৰিধান কৰিব লাগিব মাস্ক। ইয়াৰ ওপৰিও কোনো কণ্টেইনমেণ্ট জ’ন চিনেমা প্ৰদৰ্শন কৰিব নোৱাৰিব লগতে দৰ্শক সকলে মবাইলত ইন্ষ্টল কৰিব লাগিব আৰোগ্য হেতু এপ।