Local, Vocal, Global

এগৰাকী প্ৰধান শিক্ষকৰ বিদায় বেলাৰ স্মৰণীয় দৃশ্য

খাৰুপেটীয়া,২৩এপ্ৰিল : হাতীৰ পিঠিত উঠাই বিদায় প্ৰিয় ছাৰক ।

খাৰুপেটীয়াৰ এখন বিদ্যালয়ৰ ব্যতিক্ৰমী দৃশ্য । বিদ্যালয় খনৰ ছাত্র ছাত্ৰী তথা পৰিচালনা সমিতিয়ে ব্যতিক্ৰমী দৃশ্যৰে বিদায় দিলে পশ্চিম ওজাগাও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক । হস্তিৰ পিঠিত উঠাই বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান আব্দুল মজিদক বিদায় দিলে পৰিচালনা সমিতিয়ে।

উল্লেখ্য যে, দলগাওঁ শিয়ালমাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত পশ্চিম ওজাগাও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল মজিদে মাৰ্চ মাহত কৰ্ম জীৱনৰ পৰা অৱসৰ লয় ।বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি তৈবুৰ ৰহমানৰ সঞ্চালনাত ছাত্র ছাত্ৰী তথা পাচ শতাধিক ৰাইজৰ উপস্থিতিত দিনযোৰা কাৰ্যসূচীৰে বিদায় সভা অনুষ্ঠিত কৰা হয়।

সভাত অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল মজিদক এখন চেলেং চাদৰ গামোছা ফুলৰ থোপ শৰাই আৰু জাপি আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। সভাৰ শেষত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল মজিদক হাতীৰ পিঠিত উঠাই পাঁচ শতাধিক ৰাইজে সমদল কৰি বিদায় দিয়ে । বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ এনে ব্যতিক্ৰমী দৃশ্যই সকলোকে আপ্লুত কৰি তোলে ।

লগতে পঢ়ক : Assam HS Education Council issued new notification : HS ৰ প্ৰথম বৰ্ষৰ নাম ভৰ্তিক লৈ ডাঙৰ ঘোষণা; মুকলি হ’ল দৰ্পন পৰ্টেল