Local, Vocal, Global

Daily Horoscope for 24th April : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজি আপোনাৰ মাজত বেচ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্যই আজি আপোনাক পুৰ্ণ সমৰ্থন দিব। আপোনাৰ বিনিয়োগ আৰু ভৱিষ্যতৰ যোজনা সমূহক গোপনীয় ৰাখক। আজি আপোনাৰ বেয়া অভ্যাসৰ বাবে আপোনাৰ প্ৰেমাস্পদৰ বেয়া লাগিব পাৰে আৰু তেখেত আপোনাৰ ওপৰত খং কৰিব পাৰে। আজি অনুভৱী লোক সমূহৰ লগত কথা পাতি জানিব বিচাৰক যে তেখেত সকল আপোনাক কি জ্ঞান দিব পাৰে।

বৃষ ৰাশি : কিছু সৃজনাত্মক কাম কৰিবৰ বাবে অফিচৰ পৰা সোনকালে ওলাব যত্ন কৰক। যিসকল লোকে ঋণ লৈ থৈছিল আগতে সিঁহতক আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। আপোনাৰ জীৱন লগৰী আপোনাক বিশেষ সময় দিবলৈ চেষ্টা কৰিব।

মিথুন ৰাশি : আপোনাৰ স্বাস্থ্যক লৈ বেছি চিন্তা নকৰিব ,কাৰণ ইয়াৰ ফলত আপোনাৰ বেমাৰ আৰু বেছি বাঢ়িব পাৰে। বন্ধু আৰু পাৰিবাৰিক মিত্ৰ আপোনাৰ উৎসাগ বঢ়াব। আপোনাৰ প্ৰিয়জন আজি গোটেই দিন আপোনাক মনত কৰাত সময় অতিবাহিত কৰিব। সহকৰ্মী আৰু বৰিষ্ঠ জনৰ পৰা পোৱা সহযোগ আপোনাক উৎসাহিত কৰিব।

কৰ্কট ৰাশি : আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী ,লোভ আৰু অনীহা পৰিহাৰ কৰক। আপুনি নিজৰ ফালৰ পৰা সকলোতকৈ ভাল ব্যৱহাৰ কৰাৰ প্ৰয়োজন,কাৰণ আজি আপোনাৰ প্ৰিয়জন বহুত সোনকালে খং কৰিব পাৰে। নতুন অংশীদাৰ আজিৰ বাবে বহুত ফলদায়ক হব।

সিংহ ৰাশি : স্বাস্থ্যৰ যত্ন লওক, নহ’লে অসুবিধা হ’ব পাৰে। এই ৰাশিৰ লোক সকল ঘৰৰ সেইবোৰ সদস্যৰ পৰা দূৰত থাকক যি পইচা এবাৰ ধাৰলৈ ললে ঘুৰাই দিব নিবিচাৰে। আপোনাৰ সন্তান আপোনাৰ জীৱন জটিল কৰি তুলিব পাৰে। আপোনাৰ মূল্যৱান সময় অকল পৰিকল্পনা বনাওতে নষ্ট নকৰিব যদি পাৰে কামৰ প্ৰতি আগবাঢ়ক আৰু তাৰ ওপৰত আমোল কৰক। আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব আৰু এই সময়ৰ ব্যৱহাৰ আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে ।

কন্যা ৰাশি : আপোনাৰ দিনৰ আৰম্ভণি ব্যায়াম দি কৰক, এইটোয়ে সেই সময় যেতিয়া আপুনি নিজৰ বিষয়ে ভাল অনুভৱ কৰিব আৰম্ভ কৰিব আৰু এই ব্যায়াম কৰা অভ্যাসটো দিনৰ ৰুটিনৰ লগত অন্তৰ্ভুক্ত কৰক আৰু নিয়মিত ৰখাৰ চেষ্টা কৰক । আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকিব যিসকলে আপোনাৰ পৰা পইচা ধাৰত লৈ ঘুৰাই নিদিয়ে।

তুলা ৰাশি : লাভ ল’বৰ বাবে ডাঙৰক অতিৰিক্ত উৰ্জাৰ ধনাত্মক ব্যৱহাৰ কৰক। আজি আপুনি ঘৰৰ পৰা ধনাত্মক ভাৱ এটা লৈ ওলাব যদিও মূল্যৱান বস্তু এটাৰ চুৰি হোৱা বাবে আপোনাৰ মন বেয়া হৈ যাব। পৰিয়ালৰ লোক সকল আপোনাৰ আশা-আকাংক্ষা থিয় হব নোৱাৰিব ।

বৃশ্চিক ৰাশি : আপোনাৰ জীৱন সংগীৰ মৰম লগা ব্যৱহাৰে আপোনাৰ দিন আনন্দৰে ভৰা কৰি তুলিব পাৰে। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। পাৰিবাৰিক সমাৰোহত নতুন বন্ধু পাব পাৰে।

ধনু ৰাশি : শাৰীৰিক অসুস্থতাৰ ঠিক হোৱাৰ বহুত সম্ভাৱনা আছে আৰু এই বাবে আপুনি অতি সোনকালে খেলা ধুলাত অংশ গ্ৰহণ কৰিব পাৰিব। আজি আপুনি ভূলতো পইচা ধাৰলৈ নিদিব । নিজৰ মাজত হোৱা সংবাদ আৰু সহযোগ আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজৰ সম্পৰ্ক সু-দৃঢ় কৰিব। আজি আপোনাৰ প্ৰিয়জন আপোনাৰ অস্থিৰ স্বভাৱৰ বাবে আপোনাৰ লগত কথা বতৰা পাতোতে অধিক সমস্যাৰ সন্মূখীন হব পাৰে। দৰমহাত বৃদ্ধি আপোনাৰ উৎসাহ অধিক কৰি তুলিব পাৰে ।

মকৰ ৰাশি : আপোনাৰ উচ্চ আত্ম-বিশ্বাসক আজি ভালকৈ ব্যৱহাৰ কৰক । ব্যস্ততাপূৰ্ণ দিন এটা হোৱা স্বতেও আপুনি উৰ্জা আৰু সতেজতা লাভ কৰাত সক্ষম হ’ব। ঘৰৰ সৰু সৰু বস্তুৰ ওপৰত আপোনাৰ আজি বহুত ধন খৰচ হৈ যাব পাৰে যাৰ ফলত আপুনি মানসিক অশান্তিত ভূগিব পাৰে। শিশু সমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পিছত লগ কৰাৰ ভাৱনাই আপোনাৰ হৃদয়ত সুখৰ লহৰ আনিব পাৰে।

কুম্ভ ৰাশি : আজি আপুনি বহুত ভাবুক হৈ পৰিব সেইবাবে এনেকুৱা পৰিস্থিতিৰ পৰা আতৰি ফুৰক যাৰ ফলত আপুনি দুখ পাব পাৰে। আপোনাৰ অতি কাল্পনিক যোজনা সমূহৰ বাবে আপোনাৰ ধন অধিক কমি যাব পাৰে। পৰিয়ালৰ সদস্য আপোনাক সকলো কথাতে সমৰ্থন কৰিব। আজি আপুনি নিৰাশ হব পাৰে ,কাৰণ আপুনি ভৱা মতে আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব যোৱাৰ পৰিকল্পনাত যতি পৰিব পাৰে। আপুনি আজি ব্যৱসায়িক লেন দেন সমূহ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত বহুত ব্যক্তিক সংযোগ কৰাব পাৰে।

মীন ৰাশি : নিজৰ দৈনিন্দিন খৰচত নিয়ন্ত্ৰণ ৰাখক আৰু আজি হাত খুলি ব্যয় কৰাৰ পৰা পৰিত্ৰাণ পাওক। জীৱন-সংগী জীৱনত পৰিৱৰ্তন অনাত সহায় কৰিব ।নিজকে এজন প্ৰকৃত আৰু ভাল মানুহ হিচাপে গঢ় দিয়ক ,যি কষ্ট আৰু জীৱনৰ পৰা শিকি আজি এই পদ লাভ কৰিছে,লগতে এই বাটত আহিব লগা বাধা আৰু সমস্যা সমূহৰ বাবে মন বেয়া নকৰিব। আপোনাৰ হৃদয়ে আজি প্ৰেমৰ ৰাগ বুকুৰ ধপধপনিৰ দৰে বজাব কাৰণ আজি আপুনি প্ৰিয়জনৰ লগত গোটেই দিন ভালকৈ কাটিব।