Local, Vocal, Global

Massive fire breaks out at Lanka : লংকাৰ কাৰিখানা বজাৰত বিধ্বংসী অগ্নিকাণ্ড; অগ্নিকাণ্ডত ভস্মীভূত ৫০-৬০ লক্ষাধিক টকাৰ সা-সামগ্ৰীৰ

নিউজ ডেস্ক,২৩ এপ্ৰিল : লংকাৰ কাৰিখানা বজাৰত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত ৫০/৬০ লক্ষাধিক টকাৰ সা-সামগ্ৰীৰ ।

মঙলবাৰে দুপৰীয়া সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো। অগ্নিকাণ্ডৰ ফলত লংকাৰ ইচমাইল আলী নামৰ লোকজনৰ দোকানৰ লগতে গুডাম ঘৰত মজুত থকা কাপোৰ,অন্যান্য সা-সামগ্ৰী জুইত জাহ যায়।

এই অগ্নিকাণ্ডটো ইমানে ভয়ংকৰ আছিল যে নিমিষতে উক্ত অগ্নিকাণ্ডৰ আনুমানিক ৫০/৬০ লক্ষাধিক টকাৰ ক্ষয়ক্ষতি হয়(Massive fire breaks out at Lanka)।

উল্লেখ্য যে,বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ পৰা জুইৰ সূত্ৰপাত হোৱা সন্দেহ কৰা হৈছে। স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন হোৱাত অধিক ক্ষয়ক্ষতিৰ পৰা ৰক্ষা পৰে অন্য ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ।

লগতে পঢ়ক : Delhi court extends judicial custody of Arvind Kejriwal, K Kavitha till May 7 : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ সময়সীমা ৭ মে’লৈ বৃদ্ধি