Local, Vocal, Global

Breakfast Foods to Avoid : ব্ৰেকফাষ্টত নাখাব এইকেইটা খাদ্য , নহ’লে হ’ব পাৰে শৰীৰৰ বাবে ক্ষতিকাৰক !

ৰাতিপুৱাৰ আহাৰ আমাৰ শৰীৰত বিশেষ গুৰুত্ব আছে । পুৱাৰ আহাৰত বহু মানুহে জলপান খাই ভাল পায় আৰু আন কিছুমানে ৰুটী-ভাজি বা অন্যান্য বস্তু খায় ভাল পায়। ৰাতিপুৱাৰ আহাৰত বহু মানুহেই বহু বস্তু অন্তৰ্ভুক্ত কৰে( Breakfast Foods to Avoid)।

ৰাতিপুৱাৰ আৰম্ভণি যিমানে ভাল হ’ব, আপোনাৰ দিনটো সিমানেই ভাল হ’ব। এইটো নিৰ্ভৰ কৰে আমাৰ ৰাতিপুৱাৰ খাদ্যৰ ওপৰত। কিন্তু ৰাতিপুৱাৰ খোৱাৰ সময়ত অলপ সাৱধানতাৰ প্ৰয়োজন। ৰাতিপুৱাৰ আহাৰত আমি কিছুমান বস্তু একেবাৰে খাব নালাগে নহলে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে(Foods which you should not eat for breakfast)।

পুৱা সাৰ পোৱাৰ পিছত সকলোৱে এটি ইতিবাচক আৰম্ভণি বিচাৰে ৷ ইয়াৰ বাবে মানুহে দিনটোৰ আৰম্ভণি একাপ চাহৰ লগতে বিভিন্ন খাদ্যৰ সৈতে কৰে ৷ যাতে তেওঁলোকে সতেজ অনুভৱ কৰিব পাৰে ৷ লগতে নতুন দিনৰ আৰম্ভণি এনেকুৱা হ’ব লাগে যাতে গোটেই দিনটো শক্তিশালী অনুভৱ কৰিব পাৰে ৷

ইয়াৰ বাবে বহুলোকে নিজৰ ব্ৰেকফাষ্ট ৰাজকীয় পদ্ধতিৰে খাবলৈ চেষ্টা কৰে ৷ কাৰণ দিনটো শক্তিশালী অনুভৱ কৰিবলৈ সঠিৰ ব্ৰেকফাষ্ট অতি প্ৰয়োজনীয় ৷ কিছুমান খাদ্য আছে যিবোৰ আপুনি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি নিজকে ফিট কৰি ৰাখিব পাৰে ৷

কিন্তু ইয়াৰ বিপৰীতে যদি আপুনি অস্বাস্থ্যকৰ খাদ্য খায় তেন্তে আপুনি আপোনাৰ স্বাস্থ্যও নষ্ট হ’ব পাৰে ৷ গতিকে আজি আমি আপোনালোকক ক’ম যে কোনবোৰ খাদ্য আপুনি দিনটোৰ আৰম্ভণিতে গ্ৰহণ কৰাটো একেবাৰেই উচিত নহয়

যদি আপুনি পুৱা ব্ৰেকফাষ্টত পেনকেক খাই আছে, তেন্তে বুজি লওক যে ইয়াৰ ফলত দিনটোৰ পিছলৈ আপোনাৰ স্বাস্থ্যও নষ্ট হ’ব পাৰে ৷ কাৰণ ব্যস্ততাৰ বাবে মানুহে ঘৰতে বনোৱা স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট গ্ৰহণ কৰাৰ পৰা বঞ্চিত হয় ৷ এনে পৰিস্থিতিত মানুহে এনে খাদ্যৰ বিকল্প হিচাপে বিচাৰে যিবোৰ তৈয়াৰ কৰাৰ লগতে খাবলৈও সহজ ৷

পেনকেক আৰু ৱেফাৰ ইয়াৰ ভিতৰত অন্যতম ৷ বহুতে ব্ৰেকফাষ্টত খাই ভাল পায় ৷ কিন্তু ব্ৰেকফাষ্টৰ বাবে এইটো ভাল বিকল্প নহয় ৷ ইয়াৰ ফলত আপোনাৰ শক্তি হ্ৰাস পাব পাৰে ৷

বেছিভাগ মানুহৰে দিনটোৰ আৰম্ভণি একাপ চাহৰ সৈতে কৰে ৷ কিন্তু পুৱা খালী পেটত চাহ খালে স্বাস্থ্যৰ বাবে ভাল বুলি গণ্য কৰা নহয় ৷ পুৱা চাহ খোৱাৰ এই অভ্যাসে মানুহক অস্বস্তিত পেলাব পাৰে ৷

অৱশ্যে ইচ্ছা কৰিলে পুৱাৰ চাহৰ লগত কিছু জলপান খাব পাৰে ৷ কিন্তু পুৱা খালী পেটত চাহ নাখাব ৷ ইয়াৰ ফলত স্বাস্থ্যৰ বহু ক্ষতি হ’ব পাৰে ৷ ইয়াৰ উপৰিও ৰক্তশৰ্কৰা বৃদ্ধি কৰিব পাৰে ৷

ৰাতিপুৱাৰ আহাৰত দৈৰ পৰিৱৰ্তে সোৱাদযুক্ত দৈ খোৱাৰ প্ৰৱণতা যথেষ্ট বৃদ্ধি পাইছে, কিন্তু এই খাদ্য সামগ্ৰীত উচ্চ শৰ্কৰাৰ পৰিমাণ আছে যি আমাৰ ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰিব পাৰে। গতিকে ৰাতিপুৱা ইয়াক সেৱন নকৰিব।ন’হলে ই স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

ৰাতিপুৱাৰ ব্ৰেকফাষ্টত ফল আৰু ফলৰ ৰস খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়, কিন্তু কিছুমান লোকে বজাৰত উপলব্ধ পেকেটযুক্ত ফলৰ ৰস গ্ৰহণ কৰে।যি স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক। আপুনি এই অভ্যাস টো এৰি দিয়ক কিয়নো পেকেটিং কৰা ৰসত চেনী অধিক থাকে, যি আমাৰ স্বাস্থ্য বাবে যথেষ্ট ক্ষতিকাৰক।