Local, Vocal, Global

Biswanath protest : বিশ্বনাথৰ মাজবাঘমৰাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

নিউজ ডেস্ক,২৩ এপ্ৰিল : বিশ্বনাথৰ মাজবাঘমৰাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। ৰাষ্ট্ৰীয় ঘাইপথত স্থানীয়লোক আৰু মহিলাৰ পথ অৱৰোধ ।

উল্লেখ্য যে, বিশ্বনাথৰ মাজবাঘমৰা অঞ্চলত থকা বাইপাছৰ সমিপত পথ নিৰ্মাণকাৰী সংস্থাই পথটি নিৰ্মাণ নকৰাৰ বাবে স্থানীয় ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে। প্ৰতিদিনে পথ দুৰ্ঘটনাৰ লগতে সমগ্ৰ অঞ্চল ধূলিময় হৈ পৰিছে। যাৰ বাবে অঞ্চলবাসী বিভিন্ন বেমাৰ আজাৰত ভূগিবলগীয়া হৈছে।

ইতিমধ্যে অঞ্চলবাসী ৰাইজে জিলা প্ৰশাসনক বহু বাৰ স্মাৰক পত্ৰযোগে উক্ত পথটি নিৰ্মাণ কৰি দিয়াৰ বাবে আহ্বান জনাইছে যদিও আজি পৰ্যন্ত নিৰ্মাণ নকৰিলে নিৰ্মাণকাৰী সংস্থাই।

যাৰ বাবে আজি উপায়ন্তৰ হৈ স্থানীয় লোক তথা মহিলা ওলাই আহিবলগীয়া হৈছে ৰাজপথত। ৰাজপথত ওলাই আহি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে স্থানীয় ৰাইজে। কিছু সময় ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটি অবৰোধ কৰাৰ পিছতে জিলা দণ্ডাধিক উক্ত প্ৰতিবাদস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

প্ৰতিবাদকাৰি সকলে স্মাৰক পত্ৰ যোগে সকিয়াই দিয়ে যে দুদিনৰ ভিতৰত যদি উক্ত পথ নিৰ্মান কৰি এই সমস্যা সমাধান নকৰে। তেনেহলে পুনৰ এই স্থানত দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰা হব আৰু ইয়াৰ বাবে স্থানীয় ৰাইজ জগৰীয়া নহয়।

লগতে পঢ়ক :Massive fire breaks out at Lanka : লংকাৰ কাৰিখানা বজাৰত বিধ্বংসী অগ্নিকাণ্ড; অগ্নিকাণ্ডত ভস্মীভূত ৫০-৬০ লক্ষাধিক টকাৰ সা-সামগ্ৰী