Local, Vocal, Global

Terrible incident in Dumduma : ডুমডুমাৰ দীঘলতৰং চাহ বাগিচাত ভয়ংকৰ ঘটনা

ডুমডুমা, ১০ এপ্ৰিল : ডুমডুমাৰ দিঘলতৰং চাহ বাগিচাত ভয়ংকৰ ঘটনা। অইল ইণ্ডিয়া লিমিটেডৰ তৈল পৰিবাহী পাইপ ফুটি তীব্ৰ বেগত নিৰ্গত হয় তেল-গেছ। বাগিচাখনৰ ১০ নং শ্ৰমিক লাইনৰ কাষতে অৱস্থিত ২৪ নং তেলখাদ। ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে বাগিছআখনৰ শ্ৰমিক লাইন(Terrible incident in Dumduma)।

খাদটোত বুধাবাৰে নিশা প্ৰায় ১১ বজাত ভয়ংকৰ শব্দৰে নিৰ্গত হয় তেল-গেছ। তাৰ পাছতে অঞ্চলটোত সৃষ্টি হয় আতংকময় পৰিৱেশ। বাঘজান অগ্নিকাণ্ডৰ পুনৰাবৃত্তিৰ আশংকাত নিশাই নিৰাপদ স্থানলৈ পলায়ন স্থানীয় লোকৰ। অৱশেষত নিশা প্ৰায় ২ বজাত অইল ইণ্ডিয়াই তেল-গেছ নিৰ্গত বন্ধ কৰিবলৈ সক্ষম হয় যদিও বৰ্তমানেও অঞ্চলটোত বিৰাজ কৰিছে চেপা উত্তেজনা।

ঘটনাত সমিপৰ বৃহৎ পৰিমাণৰ চাহ বাগিচা আৰু শ্ৰমিক লাইনৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে। তীব্ৰ বেগত তেল-গেছ নিৰ্গত হোৱাৰ ফলত শ্ৰমিক লাইনৰ মুল্যবান গছ-গছনিৰ লগতে বাসগৃহৰ ভিতৰৰ বহু আচবাপ-খাদ্য সামগ্ৰীৰ বিস্তৰ ক্ষতি সাধন হয়(Terrible incident in Dumduma)।

লগতে পঢ়ক : Nagaon SP is taking action against the transport constable : ই-ৰিক্সা চালকক ৰাজহুৱাকৈ প্ৰহাৰ কৰা যান বাহন আৰক্ষী জোৱানৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ