Local, Vocal, Global

আপোনাৰ গাড়ীৰ টেংকিত তেল আছেনে?

মহানগৰীত সোমবাৰৰ পৰা বন্ধ থাকিব পেট্ৰ’ল ডিপোসমূহ৷ NEIPDA গুৱাহাটী শাখাই ঘোষণা কৰিলে এই কথা৷ তেল কোম্পানীৰ বিৰুদ্ধে তেলৰ ডিলাৰসমূহে নিৰ্যাতনৰ বিভিন্ন অভিযোগ উত্থাপন কৰি আহিছিল৷ তেল ডিলাৰসমূহৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই NEIPDA গুৱাহাটী শাখাই ঘোষণা কৰিলে তেল ডিপোসমূহ বন্ধ ৰখা সিদ্ধান্ত৷ সোমবাৰে পুৱা ৫ বজাৰ পৰা মহানগৰীৰ সকলোবোৰ পেট্ৰ’ল ডিপো বন্ধ থাকিব৷ সেয়ে ভৱিষ্যতৰ কথা ভাবি-চিন্তি আজিয়েই আপোনাৰ দুচকীয়া-তিনিচকীয়া-চাৰিচকীয়া বাহনখনত তেল ভৰাই লওক৷ কথাতে কয় সাৱধানীৰ মৰণ নাই৷