Local, Vocal, Global

অসমৰ প্ৰীতম ব্ৰহ্মলৈ মেছুট অ’জিলৰ উপহাৰ.

দেশৰ শীৰ্ষ ১০ বেবী লীগৰ ভিতৰত GGBL। গ্ৰেটাৰ গুৱাহাটী বেবী লীগ চমুকৈ GGBL গুৱাহাটী চিটী এফচি (GCFC)ৰ শিশু ফুটবল দল জিচিএফচি ইউনিকৰ্নছক প্ৰতিনিধিত্ব কৰা ৰাইট উইংগাৰ প্ৰীতম ব্ৰহ্মই লাভ কৰিলে জাৰ্মান তাৰকা মিডফিল্ডাৰ তথা আৰ্ছেনাল এফচিৰ খেলুৱৈ মেছুট অ’জিলৰ উপহাৰ ৷ দেশৰ শীৰ্ষ ১০ গ’ল্ডেন বেবী লীগৰ শীৰ্ষ খেলুৱৈ হিচাপে জিচিএফচি ইউনিকৰ্নছৰ অনুৰ্ধ ১০ খেলুৱৈ প্ৰীতমসহ দেশৰ আন ৯জন নিৰ্বাচিত খেলুৱৈক অ’জিলে ভৱিষ্যতৰ বাবে অনুপ্ৰাণিত কৰিবলৈ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন জৰিয়তে নিজৰ অট’গ্ৰাফ সম্বলিত আৰ্ছেনালৰ জাৰ্ছী প্ৰদান কৰে ৷ GGBL দ্বিতীয় ছিজনত জিচিএফচি ইউনিকৰ্নছৰ অনুৰ্ধ ১০ৰ খিতাপ জয়ত অগ্ৰণী ভূমিকা লোৱা প্ৰীতমক GGBLৰ প্ৰশিক্ষকসকলৰ সৈতে হোৱা আলোচনাৰ ভিত্তিত নিৰ্বাচন কৰে আৰু প্ৰীতম ব্ৰহ্মক GGBLৰ সঞ্চালক তথা GCFCৰ সহঃপ্ৰতিষ্ঠাপক কৌস্তৱ চক্ৰৱৰ্তীয়ে AIFFৰ হৈ এই উপহাৰ প্ৰদান কৰে ৷ উল্লেখ্য যে অসমৰ সৰ্বপ্ৰথম গ’ল্ডেন বেবী লীগ ‘GGBL’-এ দেশত চলি থকা শতাধিক বেবী লীগৰ মাজৰ পৰা শীৰ্ষ ১০ত স্থান লাভ কৰাটোও অসমৰ তৃণমূল ফুটবলৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ৷