Local, Vocal, Global

ক’ভেক্সিন সন্দৰ্ভত WHO ৰ সিদ্ধান্ত

ভাৰতত হ্ৰাস পালে ক’ভিড সংক্রমণ । কালি কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা প্রকাশিত পৰিসংখ্যা অনুসৰি, দৈনিক সংক্রমণ ১৪ হেজাৰৰ ঘৰত আছে । আজি এই সংখ্যা হ্ৰাস পায় ১৩ হেজাৰ ৫৯৬ জনলৈ । যি বিগত ২৩০ দিনত সবাটোকৈ কম । বিগত ২৪ ঘণ্টাত কৰ’নাত মৃতুৰ সংখ্যা ১৪৪ৰ পৰা ১৬৬ জনলৈ বৃদ্ধি পাইছে ।

বিশ্ব স্বাস্থ্য সংস্থা (who)য়ে আজি জনাইছে, যথাযথ পর্যালোচনাৰ পাছতেই ঠিক কৰা হ’ব, ক’ভেক্সিনক অনুমোদন দিয়া হ’ব নে নাই । হু-ৰ মন্তব্য, বহু লোকে অধীৰ আগ্রহেৰে অপেক্ষা কৰি আছে । হু-ৰ প্রধান বিজ্ঞানী সৌম্যা স্বামীনাথনে জনাইছে, ২৬ অক্টোবৰত হু-ৰ বিশেষজ্ঞ দলে বৈঠকত মিলিত হ’ব । সেই বৈঠকতেই ক’ভছক্সিনৰ ভাগ্য নিৰ্ণয় হ’ব পাৰে । ইতিমধ্যে ভাৰত বায়’টেকে সমস্ত তথ্য হু-ক জমা দিছে । হু-ৱে জনাইছে, আৰু কিছু তথ্যৰ প্রয়োজন । ‘ইমার্জেন্সি ইউজ’ৰ তালিকাভুক্ত হোৱাৰ বিষয়টো নির্ভৰ কৰে প্রতিষেধক নির্মাতা সংস্থা হু-ক কিমান শীঘ্ৰে যাৱতীয় তথ্য জমা দিব পাৰে, তাৰ ওপৰত । হু-ৱে পর্যালোচনা কৰিব প্রতিষেধকৰ গুণমান, কার্যকৰিতা, কিমান নিৰাপদ আৰু মধ্য আৰু নিম্ন আয়ভুক্ত দেশবোৰত ব্যৱহাৰৰ উপযুক্ত হয় নে নহয় ।

ক’ভেক্সিনৰ দুটা ড’জৰ ব্যৱধানৰ সময়ক লৈ বিতর্ক নাথাকিলেও ক’ভিশিল্ডৰ ক্ষেত্রত এই সময় বাৰে বাৰে পৰিৱর্তন কৰা হৈছে । সেই সময়ত প্রশ্ন উত্থাপিত হৈছিল, প্রতিষেধকৰ পর্যাপ্ত যোগান নথকাৰ বাবেই কেন্দ্র‌ই এই পদক্ষেপ লৈছে নেকি ? যদিও পৰিসংখ্যা অনুসৰি, যথেষ্ট পৰিমাণ প্রতিষেধক মজুত থকা সত্ত্বেও ভাৰতল টিকাকৰণেৰ প্রক্রিয়া শ্লথ কৰি দিয়া হৈছিল । প্ৰতিষেধকৰ দুটা ড’জ লোৱাৰ ব্যৱধান বৃদ্ধি কৰাৰ কৌশল গ্ৰহণ কৰা হৈছিল যাতে অতি কম সময়ত বিপুল সংখ্যক মানুহক অন্তত এটা ড’জ দিয়া সম্ভৱ হয় ।স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা জনোৱা হৈছে, বৈজ্ঞানিক গৱেষণাৰ ভিত্তিত বিশেষজ্ঞসকলৰ দল (এনটিএজিআই)য়ে যি আবেদন কৰিছিল, সেই মৰ্মেই দুটা ড’জৰ ব্যৱধানৰ ম্যাদ নিৰ্ধাৰণ কৰা হৈছে ।