Local, Vocal, Global

ৰংঘৰ বাকৰিত টাই আহোম যুৱ পৰিষদৰ ৰূপালী জয়ন্তী

আহোম জনগোষ্ঠীয় সংগঠন টাই আহোম যুৱ পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস।  ১৯৯৫ চনত গঠন হোৱা জনগোষ্ঠীয় সংগঠনটোৰ ৰূপালী জয়ন্তীবৰ্ষৰ প্ৰতিষ্ঠা দিৱস আজি অনুষ্টুপীয়াকৈ প্ৰতি জিলাই জিলাই উদযাপন কৰে সংগঠনটোৱে।

কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত টাইপাৰ শিৱসাগৰ জিলা সমিতিয়ে আজি ৰংঘৰৰ বাকৰিত অনুষ্টুপীয়াকৈ উদযাপন কৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী। টাইপাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি সূৰজ গগৈয়ে পতাকা উত্তোলন কৰা অনুষ্ঠানটিত বহুকেইগৰাকী জিলাৰ নেতা-কৰ্মী উপস্থিত থাকি পতাকা উত্তোলনৰ জৰিয়তে কাৰ্যসূচী সম্পন্ন কৰে।