Local, Vocal, Global

ক’লৈ নিয়া হৈছিল ১০০ গৰু ?

ট্ৰাকে ট্ৰাকে বান সাহাৰ্য্য নহয়, লখিমপুৰত ট্ৰাকে ট্ৰাকে ওলাইছে গৰু। মঙলবাৰে লখিমপুৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বহুকেইখন গৰু ভৰ্তি ট্ৰাক।  অবৈধ ভাবে লখিমপুৰ ৰ পৰা খাৰুপেতিয়ালৈ সৰবৰাহ কৰা  অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয়     প্ৰায় ১০০ টা গৰু। AS-01- LC- 8545 , AS-01-LC-8788 আৰু AS-01-CC-6391 নম্বৰৰ তিনিখন ট্ৰাকৰ লগতে দুখন টাটা ডি আইট লালুক আৰু নাওবৈচাৰ পৰা খাৰুপেটীয়ালৈ কঢ়িয়াই নিছিল গৰু খিনি। ধলপুৰত আৰক্ষীৰ তহলত ধৰা পৰে গৰু সৰবৰাহকাৰী চক্ৰ। আৰক্ষীয়ে বৰ্তমান সোধা-পোছা অব্যাহত ৰাখিছে সৰবৰাহকাৰীক।

আনফালে ওদালগুৰিতো  ওদালগুৰি আৰক্ষীয়ে অভিযান চলাই  জব্দ কৰিবলৈ সক্ষম হৈছে  ১১ টা গৰু সহ এখন বাহন , নগদ ২২ হাজাৰ টকা । আটক কৰিবলৈ সক্ষম হয় ৩ জন চোৰাং গৰু সৰবৰাহকাৰীক। আটকাধীন লোক তিনিজন চালিমুদ্দিন , মফিদুল ইছলাম আৰু কুদ্দুজ আলি।