Local, Vocal, Global

নামনি অসমত বান পৰিস্থিতিৰ বুজ মুখ্যমন্ত্ৰী সোণোৱালৰ

উজনি অসমৰ পিছত নামনি অসমত বান পৰিস্থিতিৰ বুজ মুখ্যমন্ত্ৰী সোণোৱালৰ। মংগলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ , জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত হয় উপস্থিত হয় বান বিধস্ত চিৰাং আৰু বঙাইগাঁও জিলাত। চিৰাং জিলাত আই নৈয়ে বিধ্বস্ত কৰা তুলসীঝৰাত  উপস্থিত হৈ যুদ্ধকালীন তৎপৰতাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিষয়াক নিৰ্দেশ দিয়ে  মূখ্যমন্ত্ৰীয়ে ।
বঙাইগাঁও জিলাতো  জামদহাত উপস্থিত হৈ বানপীড়িত অঞ্চলৰ ক্ষতিগ্ৰস্ত লোক সকলৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ।এটা আশ্ৰয় শিবিৰত উপস্থিত হৈ  মুখ্যমন্ত্ৰী গৰাকীয়ে  বৰ্ন্যাতৰ পাবলগীয়া সা-সুবিধাৰ বুজ লয় । আৰু বিশ্ব বেংকৰ কথা উল্লেখ কৰি স্থায়ী সমস্যা  সমাধানৰ আশ্বাস  দিয়ে নৈপৰিয়া ৰাইজক।মন্ত্ৰী চন্দন ব্ৰহ্মও উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ লগত।