Local, Vocal, Global

সলনি হ’ল কোৱাৰেইণ্টাইনৰ নিয়ম, লক ডাউন বঢ়াবলৈ অস্বীকাৰ স্বয়ং মুখ্যমন্ত্ৰীৰ

কৰ’না সংকটক লৈ মঙলবাৰে পুনৰ দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ মতামত গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ভিডিঅ’ কনফাৰেন্সৰ জড়িয়তে হ’ব এই আলোচনা। স্বাভাৱিকতেই এই আলোচনাৰ ওপৰতে

নিৰ্ভৰ কৰিছে দেশত লকডাউনৰ ভৱিষ্যত। কিন্তু প্ৰধানমন্ত্ৰীৰে হ’বলগীয়া আলোচনাৰ পূৰ্বেই কৰ্ণাটক চৰকাৰে লৈ পেলাইছে কেতবোৰ নিজাববীয়া সিদ্ধান্ত। মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাই জানিবলৈ দিয়া মতে কাইলৈ প্ৰধানমন্ত্ৰীক লকদাউন অধিক শিথিল কৰি দিয়াৰ বাবে অনুৰোধ জনাব। তেওঁ লগতে স্পষ্ট কৰি দিয়ে লকদাউন অধিক বঢ়োৱাৰ কোনো পৰিকল্পনা নাই ৰাজ্যচৰকাৰ খনৰ।  কৰ্ণাটকত কৰ’না সংক্ৰমণৰ কবলত পৰা সকলৰ অধিকাংশই অন্য ৰাজ্যৰ পৰা অহা। সেই সকলৰ বাবে কোৱাৰেইণ্টাইনৰ নিয়ম সালসলনি কৰাটোও জৰুৰী হৈ পৰা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী য়েদিয়ুৰাপ্পাই। কৰ’নাই সৰ্বাধিক ভয়াবহ ৰূপ ধাৰণ কৰা মহাৰাষ্ট্ৰৰ পৰা অহা সকলৰ বাবে ৭ দিন ইনষ্টিটিউশ্বনেল কোৱাৰেইণ্টাইন আৰু ৭ দিন হোম কোৱাৰেইণ্টাইনৰ ব্যৱস্থা কৰা হ’ব। দিল্লী আৰু তামিলনাডুৰ পৰা অহা সকলৰ বাবে পৃথক হ’ব কোৱাৰেইণ্টাইনৰ ব্যৱস্থা। এই দুই ৰাজ্যৰ পৰা অহা সকলৰ বাবে ৩ দিন ইনষ্টিটিউশ্বনেল কোৱাৰেইণ্টাইন আৰু ১১ দিনীয়া হোম কোৱাৰেইণ্টাইনৰ ব্যৱস্থা কৰিব কৰ্ণাটক চৰকাৰে। মুখ্যমন্ত্ৰী গৰাকীৰ মতে কৰ্ণাটকত এতিয়া পৰিস্থিতি যথেষ্ট উন্নত হৈছে।