Local, Vocal, Global

চিৰাঙত সেনা-আৰক্ষীৰ যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক জব্দ

BTR চুক্তিৰে অস্ত্ৰমুক্ত, সন্ত্ৰাসমুক্ত বড়োভূমি গঢ়াৰ পৰিকল্পনাৰ এয়া যেন প্ৰথমটো খোজ৷ চিৰাঙত সেনা-আৰক্ষীৰ যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক সামগ্ৰী জব্দ ৷ চিৰাং সংৰক্ষিত বনাঞ্চলৰ গভীৰ অঞ্চলত অসম আৰক্ষী, ভাৰতীয় সেনাৰ ২১০নং কোব্ৰা বেটেলিয়ন, এছএছবিৰ ৬নং বেটেলিয়নৰ যুটীয়া অভিযানত এই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়৷ বিগত ১২ দিনৰ পৰাই চলি আছিল এই অভিযান৷ মেটেল ডিটেক্টৰৰ সহায়ত চিনাক্ত কৰা স্থানত পুতি থোৱা আছিল বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ৷ সেনা-আৰক্ষীয়ে এই অভিযানত উদ্ধাৰ কৰা অস্ত্ৰ ভাণ্ডাৰত আছে বিস্ফোৰক, গ্ৰেনেড, মাৰণাস্ত্ৰকে ধৰি আৰ পি জি বোমা৷ এই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰাৰ পিছত স্থানীয় আৰক্ষীয়ে কয় যে বড়োভূমিত শান্তি ৰক্ষাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব৷ উগ্ৰপন্থী সংগঠনৰ ৰাষ্ট্ৰদ্ৰোহী কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত এই অভিযানৰ সফলতাই নতুন দিগন্তৰ সূচনা কৰিব৷ লগতে বড়োভূমিত শান্তি বিৰাজ কৰিব বুলিও আশা প্ৰকাশ কৰে ৷