Local, Vocal, Global

বঙাইগাঁৱত আৰক্ষী বিষয়াৰ নৈত জঁপিয়াই আত্মহত্যাৰ অপচেষ্টা

বঙাইগাঁৱত এক হৃদয়-বিদাৰক ঘটনা৷

এগৰীক বৃদ্ধ তথা অৱসৰপ্ৰাপ্ত উপ-আৰক্ষী অধীক্ষকৰ নৈত জঁপিয়াই আত্মহত্যাৰ অপচেষ্টা৷

মানসিকভাৱে ভাগি পৰিছিল অৱসৰপ্ৰাপ্ত উপ-আৰক্ষী অধীক্ষক খগেন্দ্ৰ বৰ্মন৷

টুনীয়া নৈত জাঁপ দি আত্মহত্যাৰ চেষ্টা চলাইছিল বৰ্মনে৷

শনিবাৰে আবেলি জেলকাঝাৰ সংযোগী টুনীযা নৈত জাঁপ দিয়ে যদিও বৃদ্ধগৰাকীক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় নগৰীয়া গাঁৱৰ ৰাইজ ৷

আবেলি নৈত উটি গৈ থকা অৱস্থাত নগৰীয়াগাঁৱৰ একাংশ লোকে প্ৰত্যক্ষ কৰে আৰু তৎপৰতাৰে উদ্ধাৰ কৰে বৃদ্ধগৰাকীক ৷

অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ ৩ পুত্ৰ ৰাজ্যৰ বিভিন্ন স্থানত উচ্চ পদবীত কৰ্মৰত বুলি ৰাইজক জানিবলৈ দিয়ে খগেন্দ্ৰ বৰ্মনে৷

খগেন্দ্ৰ বৰ্মনৰ ঘৰ নৰ্থ বইটামাৰীত যদিও দীৰ্ঘদিন ধৰি উজনি অসমত বসবাস কৰিছিল৷

কিছুবছৰ পূৰ্বে খগেন্দ্ৰ বৰ্মণে নৰ্থ বইটামাৰীলৈ ঘূৰি আহি ভাড়াঘৰত আছিল৷

কি পৰিস্থিতিত আৰু কিয় বৃদ্ধগৰাকীয়ে অকলশৰীয়াকৈ থাকিবলৈ লৈছে, কিয় আত্মহত্যাৰ পথ বাচি লৈছিল এই লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে অঞ্চলটোত৷

সম্প্ৰতি বৃদ্ধগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷