Local, Vocal, Global

ত্ৰিপুৰাৰ আৰক্ষীৰ জালত গাঞ্জা সৰবৰাহকাৰী চক্ৰ

ত্ৰিপুৰাৰ আৰক্ষীৰ জালত পৰিছে বৃহৎ গাঞ্জা সৰবৰাহকাৰী চক্ৰ ৷ এক গোপন খবৰৰ ভিত্তিত ত্ৰিপুৰাৰ তেলিয়ামুড়াৰ যান-বাহন আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক সোণা চৰণ জমাতীয়া আৰু এচ আই প্ৰীতম দত্তৰ নেতৃত্বত চলা এক অভিযানত এখন ১৪ চকীয়া বাহনৰ পৰা  ১৮০ কেজি গাঞ্জা জব্দ কৰাৰ লগতে ৩ গাঞ্জা সৰবৰাহকাৰীক গাড়ীসহ আটক কৰিছে ৷ দেওবাৰে অসম-আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথত তেলিয়ামুড়া থানাৰ সন্মুখত এই গাঞ্জাভর্তি বাহনখন জব্দ কৰা হয় ৷ এই খবৰ লাভ কৰিয়ে তেলিয়ামুড়া থানালৈ আহে তেলিয়ামুড়াৰ মহকুমা আৰক্ষী বিষয়া বি জগদীশ্বৰ ৰেড্ডি। অৱশ্যে তদন্তৰ খাতিৰত আৰক্ষীয়ে ৩ গাঞ্জা সৰবৰাহকাৰীৰ নাম প্ৰকাশৰ পৰা বিৰত থাকে ৷ আৰক্ষীয়ে জনোৱা মতে এই গাঞ্জা সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব ৷