Local, Vocal, Global

কৰ’না কালীন সংকট, সমন্বয় হীনতাত বিশ্বৰ বৃহৎ দেশবোৰ। মাৰ্কিন বিশেষজ্ঞই কি ক’লে ৰাহুল গান্ধীক?

কৰ’না সৃষ্ট সংকট এতিয়া কোনো দেশৰ আভ্যন্তৰীণ সমস্যা হৈ থকা নাই। কৰ’না এতিয়া গোলকীয় সমস্যা। কিন্তু এই বৃহৎ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ বাবে বিশ্বৰ বৃহৎ ৰাষ্ট্ৰ বোৰে যি দৰে ঐক্যবদ্ধ হৈ কাম কৰিব লাগিছিল বাস্তৱত সেয়া হৈ উঠা নাই। বৰং কৰ’নাক মষিমূৰ কৰাৰ যুঁজখনত পৃথিৱীৰ ডাঙৰ ডাঙৰ দেশবোৰ পৰস্পৰৰ মাজত সমন্বয়হীনতাতহে ভূগিছে। এই মন্তব্য মাৰ্কিন ৰাজনৈতিক বিশেষজ্ঞ নিক’লাছ বাৰ্নছৰ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে ভিডিঅ’ কণফাৰেঞ্চত হোৱা আলোচনাত এই সংকট কালীন সময়ত বৃহৎ ৰাষ্ট্ৰ কিছুমানে নিজৰ নিজৰ ইগ’ক লৈহে ব্যস্ত থকাত আক্ষেপ প্ৰকাশ কৰিছে মাৰ্কিন বিশেষজ্ঞ গৰাকীয়ে। আমেৰিকাত বৰ্তমান কি হৈ আছে ? ৰাহুল গান্ধীৰ এই প্ৰশ্নৰ উত্তৰত নিক’লাছ বাৰ্নছৰ উত্তৰ ” আফ্ৰিকী -আমেৰিকান সকলে ভুগি অহা জীৱন যন্ত্ৰণাৰ কথা সকলোৱে জানে। মাৰ্টিন লুথাৰ কিঙে আনিছিল বৃহৎ সংস্কাৰ, পৰিৱৰ্তন। তেওঁৰেই আদৰ্শৰে অনুপ্ৰাণিত আছিল মহাত্মা গান্ধী। আমেৰিকাই বাৰাক অ’বামাৰ ৰূপত এজন কৃষ্ণাংগক ৰাষ্ট্ৰপতি পাতিছিল। কিন্তু সেইখন আমেৰিকাৰে আজিৰ ৰাষ্ট্ৰপতি গৰাকীয়ে কৃষ্ণাংগ হ’লেই সন্ত্ৰাসবাদী জ্ঞান কৰে”। কৰ’না কালীন সংকট সন্দৰ্ভত নিক’লাছ বাৰ্নছৰ মন্তব্য জি- টুৱেন্টি দেশ সমূহ এই সংকটৰ সময়ত ঐক্যবদ্ধ হ’ব লাগিছিল। কিন্তু বাস্তৱত সেয়া হোৱা নাই। মোডী ট্ৰাম্প আৰু চিনজ’ আৱেই ৰ দৰে ৰাষ্ট্ৰনেতা সকল একেখন মঞ্চত থাকিব লাগিছিল । কিন্তু ট্ৰাম্পে অকলে আমেৰিকাক নেতৃত্ব দি জিনপিঙৰ সৈতে যুঁজিবলৈ উঠি পৰি লাগিছে । পৃথিৱীৰ সংকট কালত এইবোৰ কথা দুৰ্ভাগ্যজনক।