বাক্সাত গীত, কবিতাৰে মুখৰিত হ’ ল নৱবৰ্ষৰ প্ৰথমটো সন্ধিয়া ।বড়ো, নেপালী, শৰণীয়া জনগোষ্ঠীৰ অংশগ্ৰহণ
নিউজ ডে্স্ক: নতুন বছৰটোৰ প্ৰথমটো সন্ধিয়া। পশ্চিম দিশে ওলমি আছিল ৰঙা সুৰ্য্য। হাড় কপোৱা জাৰত এজাক সাহিত্য অনুৰাগী আৰু শিল্পীৰ এক ব্যতিক্ৰমী অনুষ্ঠান । সমন্বয়ৰ স্থলীলৈ পৰ্যবসিত হ’ল সাহিত্য সভাৰ বাকৰি ৷ গীত, নৃত্য আৰু কবিতাৰে মুখৰিত হ’ল শীতৰ সন্ধিয়া ৷
বাক্সা জিলাৰ বৰিমাখা আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত আয়োজন কৰা “শীতৰ সন্ধিয়া গীত আৰু কবিতাৰ আড্ডা” শীৰ্ষক অনুষ্ঠানটো আয়োজন কৰে বিশিষ্ট সাংবাদিক মনোহৰ ৰাজবংশীৰ চোতালত । জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰা কবি সকলৰ কাপেৰে নিগৰা কবিতাৰ কথাৰে মন মুগ্ধ কৰে উপস্থিত সকলোকে । একেদৰে সংগীত শিল্পী সকলৰ কন্ঠেৰে নিগৰা চিৰসেউজ গীত সমুহে আৰু আধিক ৰোমান্টিক কৰি তোলে অনুষ্ঠানটোক । অসম ৰত্ন ভূপেন হাজৰিকা, পাৰ্বতীপ্ৰসাদ বৰুৱা, বিপিন চাওদাঙৰ পৰা কেবাগৰাকী বৰেণ্য শিল্পীৰ গীতেৰে জীপাল হয় সন্ধিয়াটো ৷ কণমানি প্ৰীতিশিখা ৰাজবংশীৰ নেতৃত্বত প্ৰদৰ্শণ কৰা বিহু নৃত্যই অধিক মাত্ৰা দিয়ে অনুষ্ঠানটোক ৷ কবি ৰমেশ চন্দ্ৰ দাসৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটোত অংশগ্ৰহণ কৰে শতাধিক কবি আৰু কন্ঠশিল্পীয়ে ৷