Local, Vocal, Global

Annual Conference of Srimanta Sankardev Sangha:শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন

২ফেব্ৰুৱাৰী ২০২৫,দেৰগাঁও: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক ৷ অধিৱেশন দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ পৰিৱেশ বৈষ্ণৱ পণ্ডিত সোনাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ৷ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা ৷কাইলৈৰ পৰা অৰ্থাৎত ৬ তাৰিখৰ পৰা ৯ ফেব্ৰুৱাৰীলৈকে চাৰিদিনীয়াকৈ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ , ম’হবন্ধা এৰালতলি পথাৰত অনুষ্ঠিত হ’ব । তাৰ উপলক্ষে প্ৰস্তুতি তুংগত , প্ৰায় ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে । এই বৰ্ষ প্ৰায় ৩০ লাখ ভক্তৰ সমাগমৰ আশা কৰিছে উযাপন সমিতিয়ে। দিনে নিশাই ব্যস্ত ৩৬ খন উপ সমিতি । ২০০ টা চৌকাৰ বৃহৎ ৰন্ধন শাল সাজু কৰি তুলিছে। প্ৰায় সম্পূৰ্ণ হৈছে মুল মণ্ডপ , শিৱিৰ ,ৰন্ধনশালা,ভোজনালয় , পতাকা বেদী। আতক ধুনীয়াকৈ সজাই তুলা হৈছে শিৱিৰ সমূহ।
অস্থায়ী নামঘৰ ভাগ সম্পূৰ্ণ হোৱাৰ লগে লগে নামঘৰ ভাগত আৰম্ভ হৈছে নাম কীৰ্তন। হৰিনামে মুখৰিত হৈছে চৌদিশ । যেন দ্বিতীয় বৈকুণ্ঠপুৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত সকলক আদৰিবলৈ সাজু হৈছে উপসমিতি সমূহ।