ROWTA WOMEN ELECTION :প্রথমবাৰৰ বাবে অনুষ্ঠিত CLFৰ নির্বাচন

২ফেব্ৰুৱাৰী ২০২৫,ওদালগুৰি:দিল্লী বিধানসভা নিৰ্বাচনৰ সমান্তৰালকৈ অসমত অনুষ্ঠিত হৈছে নির্বাচন । প্রায় ৭ হাজাৰ মহিলাই ভোটাধিকাৰ সাব্যস্তু কৰিলে নির্বাচনত । ওদালগুৰি জিলাৰ ৰৌতাৰ ঝাৰগাঁও খেলপথাৰত অনুষ্ঠিত হৈছে ৰশ্মি মডেল CLF(Cluster Level Federation)ৰ নির্বাচন । সভাপতি, সম্পাদককে আদি কৰি 4 টা পদৰ বাবে অনুষ্ঠিত কৰা হৈছে নির্বাচন। সভানেত্ৰী পদৰ বাবে মৰ্জিনা খাটুন, দুৰ্গেশ্বৰী ডেকা আৰু অমৃতা দেৱীৱে আগবঢ়াইছে প্রার্থীত্ব।মাজবাট সমষ্টিৰ ৬ টাকৈ VCDC ৰ ৬২৪ টা আত্মসহায়ক গোটৰ প্ৰায় ৭০০০ মহিলাই সাব্যস্ত কৰে ভোটাধিকাৰ। পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান কাৰ্যসূচীত বর্তমানেও সাৰি পাতি ভোটদানৰ বাবে ৰৈ আছে সহস্রাধিক মহিলা।উল্লেখযোগ্য যে, এইবাৰ প্রথমবাৰৰ বাবে অনুষ্ঠিত হৈছে CLF ৰ নির্বাচন ।নিৰ্বাচনৰ অন্তত গঠিত নতুন সমিতিয়ে ৩ বছৰৰ বাবে দায়িত্ব লৈ মহিলা সবলীকৰণৰ লগতে নেতৃত্ব লব সমষ্টিটোৰ সকলো মহিলা আত্মসহায়ক গোটৰ।