Local, Vocal, Global

বনভোজস্থলী পৰিষ্কাৰৰ বাবে হাতে হাতে ঝাৰু ল’লে যুৱক- কিশোৰৰ এটা দলে

প্ৰৱল ইচ্ছাশক্তি আৰু সেৱাৰ মনোবৃত্তিয়ে পলকতে জয় কৰিব পাৰি শত সহস্ৰজনৰ হৃদয়, সলনি কৰিব পাৰি পৃথিৱী। ধুনীয়া ধৰণীখনক অধিক ধুনীয়া কৰি তুলিবলৈ মাথোঁ প্ৰয়োজন আপোনাৰ মোৰ অকনমাণ সেৱাৰ মনোভাৱ। নৱবৰ্ষৰ প্ৰথম দিনটোতেই তিনি বন্ধুৰ তেনে এক ব্যতিক্ৰমী প্ৰচেষ্টাই হৃদয় জিনিলে গোলাঘাট জিলাৰ মেৰাপানী সীমান্তবাসীৰ। অসম নাগালেণ্ড সীমান্তৰ মনোমোহা বনভোজস্থলী নেঘেৰিবিলত বনভোজ চলি থকাৰ সময়তেই তিনি বন্ধুৰ নেতৃত্বত এজাক কিশোৰে চলালে স্বচ্ছতা অভিযান। হাতে হাতে ঝাৰু লৈ যুৱক কিশোৰৰ দলটোৱে এফালৰ পৰা পৰিষ্কাৰ কৰি তুলিলে সমগ্ৰ নেঘেৰিবিল বনভোজস্থলী এলেকা।

উল্লেখযোগ্য যে, নেঘেৰিবিলত নৱবৰ্ষৰ প্ৰথম দিনটোত হাজাৰ হাজাৰ বনভোজকাৰী দলৰ সমাগম হোৱাৰ বাবে পেলনীয়া খাদ্যসামগ্ৰী আৰু প্লাষ্টিকৰ আৱৰ্জনাৰে ভৰি পৰে সমগ্ৰ অঞ্চলটো। সেয়েহে যুৱক কিশোৰৰ দলটোৱে পৰৱৰ্তী সময়লৈ অপেক্ষা নকৰি বনভোজৰ দিনটোতেই বনভোজস্থলীখন পৰিষ্কাৰ কৰি সৌন্দৰ্য্যবৰ্ধনৰ চেষ্টা চলায়। তিনি বন্ধু ক্ৰমে ৰূপম গগৈ,বিভূতি গগৈ আৰু আকিব আহমেদৰৰ এই সামাজিক প্ৰচেষ্টাত সহযোগিতা কৰে একাংশ স্কুলীয়া ছাত্ৰই। ইয়াৰে বিভূতি গগৈ অসম আৰক্ষী বেটালিয়নৰ জোৱান। আৰক্ষীৰ গুৰুত্বপূৰ্ণ দ্বায়িত্ব পালনৰ ওপৰিও প্ৰায়ে সামাজিক ক্ষেত্ৰত নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই চৰ্চিত হৈ আহিছে বিভূতি গগৈ। কেৱল প্ৰতিকী ৰূপত স্বচ্ছতা অভিযান চলোৱাৰ পৰিবৰ্তে এই অভিযান নিৰন্তৰভাৱে চলাই যোৱাৰ পোষকতা কৰিছে স্বচ্ছ অভিযানকাৰী দলটোৱে। ৰূপম,বিভূতি,আকিবৰ দৰে যুৱকৰ এনে প্ৰচেষ্টাক আদৰ্শ হিচাপে লৈ সকলো আগবাঢ়ি গ’লে নিশ্চিতভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ স্বচ্ছ ভাৰত অভিযানে এদিন সাৰ্থকতা লাভ কৰিব।