Local, Vocal, Global

নেপালতহে উৎপত্তি হৈছিল যোগ, ভাৰতত নহয়..

যোগৰ সৃষ্টি ভাৰৰতত নহয় বৰঞ্চ নেপালতহে। হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতত যোগৰ সাধনা কৰি অহাৰ যি ইতাহাস সেই ইতিহাসক নস্যাত কৰি যোগ নেপালৰ বুলিহে মন্তব্য কৰিছে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে। সততে বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰি অহা কে পি অলি শৰ্মাই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনাই ভাৰতৰ বহু হাজাৰ বছৰীয়া ইতিহাসক নস্যাত কৰি কৰা এই মন্তব্যই সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে। সকলোৱে একেমুখে বহুবল্কী নেপালী প্ৰধানমন্ত্ৰী গৰাকীক সমালোচনাৰ লক্ষ্য কৰি লৈছে।

কে পি অলিৰ দাবী নেপালৰ পৰাহে সমগ্ৰ বিশ্বলৈ যোগৰ প্ৰসাৰ হৈছে। নেপালতহে যোগৰ উৎপত্তি হৈছে। যোগৰ উৎপত্তি হোৱাৰ সময়ত ভাৰত নাছিলেই। তেওঁ ভাৰতীয় বিশেষজ্ঞসকলক সমালোচনা কৰি কৈছে যোগ সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ তথ্য ভাৰতীয় বিশেষজ্ঞই বিশ্বৰ পৰা লুকুৱাই ৰাখিছে।

মন কৰিবলগীয়া যে এইগৰাকী কে পি শৰ্মা অলিয়ে কিছুদিন পূৰ্বে অযোধ্যা ভাৰতৰ পৰিবৰ্তে নেপালত হে আছে বুলি মন্তব্য কৰিছিল। তেওঁৰ মতে ভাৰতৰ অযোধ্য ভুৱা। নেপালৰ বীৰগঞ্জৰ পশ্চিমেহে প্ৰকৃত অযোধ্যা অৱস্থিত। ইয়াৰ উপৰিও তেওঁ কৈছিল ভগৱান শ্ৰী ৰাম চন্দ্ৰৰ জন্ম নেপালতহে হৈছিল।অলিৰ মতে ভাৰতীয় বিশেষজ্ঞই তথ্য নষ্ট কৰি নেপালক সাংস্কৃতিকভাৱে দমন কৰি আছে।কে পি শৰ্মা অলিৰ এই অদ্ভুত মন্তব্যৰ পাছতে এতিয়া ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সকলোৱে কে পি শৰ্মা অলিৰ মনতব্যক ধিক্কাৰ দিছে।