Local, Vocal, Global

Tragic Accidents in Nagaon : ট্ৰেভেলাৰ আৰু মটৰ চাইকেলৰ মাজত সংঘৰ্ষ;নিহত মটৰ চাইকেল আৰোহী

নিউজ ডেস্ক,২৮ এপ্ৰিল : শোকাৱহ দুৰ্ঘটনা । দুৰ্ঘটনাত মৃত্যু চাইকেল আৰোহী ।

নগাঁওত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দেওবাৰে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো(Tragic Accidents in Nagaon) ।

জানিব পৰা মতে, দেওবাৰে নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানী পথৰ ৰাইডঙীয়া গংগা ধাবাৰ সম্মুখত এখন ট্ৰেভেলাৰ আৰু মটৰ চাইকেল আৰোহী মাজত সংঘৰ্ষ হয় । এ এছ ০১ জি চি ২৬২৩নম্বৰৰ এখন ট্ৰেভেলাৰৰ খুন্দাত দুৰ্ঘটনাত থিতাতে নিহত এএছ০২এএল০৮৯২ নম্বৰৰ মটৰ চাইকেল আৰোহী।

দূৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে এ এছ ০১ জি চি ২৬২৩ নম্বৰৰ জ্যোতি নামৰ ট্ৰেভেলাৰখন।

ইফালে এই ভয়ংকৰ দুৰ্ঘটনাটোত মৃত্যু হোৱা যুৱকজন নগাঁৱৰ কাৱৈমাৰিৰ আবু ছাহেদ বুলি জানিব পৰা গৈছে (Tragic Accidents in Nagaon)।

ইতিমধ্যে ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক : Actor Sahil Khan Arrested : বলীউড অভিনেতা ছাহিল খানক গ্ৰেপ্তাৰ;মহাদেৱ বেটিং এপ গোচৰত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ অভিনেতাজনক