Local, Vocal, Global

Delhi Congress chief Arvinder Singh Lovely resigns from his post : নিৰ্বাচনী ধামখুমীয়াৰ মাজতে দল ত্যাগ কৰিলে দিল্লী কংগ্ৰেছৰ মুৰব্বী অৰবিন্দ সিং লাভলীয়ে

নিউজ ডেস্ক,২৮এপ্ৰিল : দেশত চলি আছে লোকসভা নিৰ্বাচন । লোকসভা নিৰ্বাচনৰ মাজতে কংগ্ৰেছত ব্য়াপক খহনীয়া । এইবাৰ নিৰ্বাচনী ধামখুমীয়াৰ মাজতে দল ত্যাগ কৰিলে দিল্লী কংগ্ৰেছৰ মুৰব্বী অৰবিন্দ সিং লাভলীয়ে(Delhi Congress chief Arvinder Singh Lovely resigns from his post)।

জানিব পৰা মতে, আম আদমী পাৰ্টিৰ সৈতে কৰা মিত্ৰতাৰ বাবে দলৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰাৰ কথা উল্লেখ কৰে কংগ্ৰেছ নেতা অৰবিন্দৰ সিং লাভলীয়ে।

ইতিমধ্যে অৰবিন্দৰ সিং লাভলীয়ে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ । পদত্যাগ পত্ৰত লাভলীয়ে আপৰ সৈতে কৰা মিত্ৰতাৰ বাবে তেওঁ নিজকে “অক্ষম” অনুভৱ কৰাৰ বাবে দল ত্যাগ কৰাৰ কথা উল্লেখ কৰে(Delhi Congress chief Arvinder Lovely resigns after party allied with AAP)।

লগতে পঢ়ক : Tragic Accidents in Nagaon : ট্ৰেভেলাৰ আৰু মটৰ চাইকেলৰ মাজত সংঘৰ্ষ;নিহত মটৰ চাইকেল আৰোহী