Local, Vocal, Global

Show Cause notice to AIUDF MLA: পীয়ূষ হাজৰিকা AIUDFৰ মেইন মানুহ বুলি কৈ বিপদত বিধায়ক নিজাম উদ্দিন চৌধুৰী

গুৱাহাটী,৭ মে’: পীযুষ হাজৰিকাৰ মানুহ বুলি কৈ এতিয়া বিপদত পৰিছে আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰী । এ আই ইউ ডি এফৰ নেতাগৰাকীৰ এই মন্তব্যক লৈ দলটোৰ নেতাসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ অসন্তুষ্টি । তাৰোপৰি বিজেপিৰ শীৰ্ষ নেতৃত্বইও প্ৰকাশ কৰিছে অসন্তুষ্টি । যাৰ বাবেই এতিয়া নিলম্বন হোৱাৰ দিশে এ আই ইউ ডি এফ বিধায়ক নিজাম উদ্দিন চৌধুৰী (AIUDF MLA Nizam Uddin Chowdhury) ।

হয়, মন্ত্রী পীযুষ হাজৰীকাক তৈল মৰ্দন কৰিবলৈ গৈ মন্ত্রীগৰাকীক এ আই ইউ ডি এফৰ মেইন মানুহ বুলি উল্লেখ কৰি বিপদত পৰিছে আলগাপুৰৰ বিধায়ক নিজামউদ্দিন চৌধুৰী । ইয়াৰ বাবে দলৰ পৰা নিলম্বিত হ’ব পাৰে আলগাপুৰ সমষ্টিৰ বিধায়কগৰাকী । ইতিমধ্যে এই সন্দৰ্ভত এ আই ইউ ডি এফ দলৰ তৰফৰ পৰা বিধায়ক নিজামউদ্দিন চৌধুৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে (Show Cause notice to Nizam Uddin Choudhury)। দলে দিয়া এই জাননীৰ উত্তৰ বিধায়ক চৌধুৰীয়ে আগন্তুক ৭ দিনৰ ভিতৰত দিব লাগিব । এক বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা মতে, কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ সন্তোষজনক নহ’লে দলৰ পৰা নিলম্বিত হ’ব পাৰে নিজাম উদ্দিন চৌধুৰী ।

লক্ষণীয় বিষয় যে বিধায়কগৰাকীয়ে মন্ত্রী পীযুষ হাজৰীকাক উদ্দেশ্যি কৰা এই মন্তব্যৰ পাছতে ৰাজ্যৰ ৰাজনীতিতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । বিৰোধী কংগ্ৰেছ দলে ইয়াৰ সুবিধা গ্ৰহণ কৰি বিজেপি আৰু এ আই ইউ ডি এফক লক্ষ্য কৰি লৈছে আক্ৰমণৰ । ইফালে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে নিজ দলৰ বিধায়কজনৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ মন্তব্যই আমাক অপমানিত কৰিছে, আমি দুখ পাইছোঁ ।” তেখেতে লগতে কয় যে পীযুষ হাজৰীকাক এ আই ইউ ডি এফৰ মেইন মানুহ বুলি কৈ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে দলৰ মুৰব্বী বদৰুদ্দিন আজমলৰ সন্মান লাঘৱ কৰিছে ।

উল্লেখ্য যে এ আই ইউ ডি এফ দলে বিধায়ক নিজাম উদ্দিন চৌধুৰীলৈ জাৰি কৰা জাননীত দলে তেওঁৰ মন্তব্যক লৈ ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিধায়ক চৌধুৰীৰ এই ৰাজহুৱা বক্তব্য দলৰ নীতি আৰু মৰ্যাদা বিৰোধী বুলি জাননীখনত উল্লেখ কৰা হৈছে । ইয়াৰ বাবে দলে তেওঁৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ বাবে দায়বদ্ধ । বিধায়কগৰাকীৰ বিৰুদ্ধে কিয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ’ব, দলক তাৰ উত্তৰ দিব লাগিব বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে । দলে তেওঁক ৭ দিনৰ ভিতৰত জাননীৰ উত্তৰ দিয়াৰ বাবে দিছে নিৰ্দেশনা ।

ইফালে এই প্ৰসংগত মুখ খুলিছে বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে । তেও কলে, দলে জাননী দিয়াৰ অধিকাৰ আছে, মই জাননী পালে ৫ দিনৰ ভিতৰত ইয়াৰ উত্তৰ দিম । হাঁহি ধেমালিতে কোৱা কথা এটাক লৈ কংগ্ৰেছে ৰাজনীতি কৰি আছে । মই কলেই পীযুষ হাজৰীকা অথবা আন কোনো নেতা এ আই ইউ ডি এফলৈ আহিব নেকি ?এ আই ইউ ডি এফ মোৰ দল, এই দলৰ বাবে মই তেজ দিবলৈও প্ৰস্তুত আছো । ইয়াক লৈ কংগ্ৰেছ দলে অক্সিজেন পাইছে ।

প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থক সমালোচনা কৰি বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে কলে, কমলাক্ষ দে পুৰকায়স্থই দিনত কংগ্ৰেছ আৰু ৰাতি বিজেপি কৰে (APCC Active President Kamalakhya Dey Purkayastha) । জনবিন্যাস নিমিলাৰ কাৰণেহে তেখেত কংগ্ৰেছত আছে । কিন্তু অহা ২০২৬ ৰ বিধানসভা নিৰ্বাচনত কমলাক্ষ দে পুৰকায়স্থই বিজেপিৰ প্ৰাৰ্থী হিচাপেহে নিৰ্বাচন খেলিব বুলি দাবী কৰিলে বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে ।

লগতে পঢ়ক : Overlapping in recruitment : ৫১ হাজাৰ নহয়, মাত্ৰ ২০-২৫ হাজাৰেহে লাভ কৰিব চাকৰি !