Local, Vocal, Global

Kerala Tourist Boat Tragedy: নাও ডুবি ২২ গৰাকী লোকৰ সলিল সমাধি

নেশ্যনেল ডেস্ক, ৮ মেঃ কেৰালাত শোকাৱহ নাও দুৰ্ঘটনা (Kerala Boat Tragedy)। ৰাজ্যখনৰ মালাপ্পুৰম জিলাৰ টনুৰ অঞ্চলৰ থুভালথিৰাম বিটছৰ সমীপত দেওবাৰে সন্ধিয়া ৩৫ জনতকৈ অধিক যাত্ৰীসহ এখন নাও ডুবি যোৱাত ২২ গৰাকী লোকৰ সলিল সমাধি ঘটে । কেৰালাৰ ক্ৰীড়া মন্ত্ৰী ভি আব্দুৰহিমানে জানিবলৈ দিয়া মতে উদ্ধাৰ হোৱা ২০ গৰাকী লোকৰ মৃতদেহৰ ভিতৰত ১৫ গৰাকীক চিনাক্ত কৰা হৈছে । তাৰোপৰি ১১ গৰাকী লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে । ইয়াৰে ৭ গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে (Critical Condition)।

ঘটনাৰ খবৰ পোৱাৰ পিছতে কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে এখন জৰুৰী বৈঠক আহ্বান কৰাৰ লগতে পৰিস্থিতিৰ বুজ লয়। দুৰ্ঘটনাটোত আহতসকলৰ উন্নত চিকিৎসা নিশ্চিত কৰাৰ লগতে সোমবাৰে অৰ্থাৎ আজি পুৱা ৬ বজাৰ পৰাই মৰণোত্তৰ পৰীক্ষাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈও নিৰ্দেশ দিয়ে (tourist boat capsizes in Kerala) ।

উদ্ধাৰ অভিযানৰ তদাৰক কৰি থকা ৰাজ্যখনৰ পৰ্যটন মন্ত্ৰী পি এ মহম্মদ ৰিয়াছৰ ব্যক্তিগত সহায়ক আব্দুৰ হিমানে কয়, “নাওখনৰ তলত আৰু অধিক লোক আবদ্ধ হৈ থকাৰ সম্ভাৱনা আছে। স্থানীয় আৰক্ষীয়ে জানিব দিয়া মতে, কি পৰিস্থিতিত নাওখন বাগৰি দুৰ্ঘটনাত পতিত হ’ল ইয়াৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

আজি এই স্থান পৰিদৰ্শন কৰিবলগীয়া মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে এক বিবৃতি প্ৰকাশ কৰি শোকাৱহ দুৰ্ঘটনাটোক লৈ শোক প্ৰকাশ কৰিছে। তাৰোপৰি অধিক ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযান চলাবৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তক নিৰ্দেশ দিছে । এই উদ্ধাৰ অভিযানত অগ্নিনিৰ্বাপক আৰু আৰক্ষীৰ বৃহৎ দল, স্বাস্থ্য বিভাগৰ দলৰ লগতে তনুৰ আৰু তিৰুৰৰ স্থানীয় লোকসকল জড়িত হৈ পৰিছে ।

এই শোকাৱহ দুৰ্ঘটনাত নিহতসকলৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Prime Minister Narendra Modi)। লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা নিহত প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়াললৈ ২ লাখ টকাৰ এককালন সাহাৰ্য ঘোষণা কৰিছে।

এই শোকাৱহ দুৰ্ঘটনাটোক লৈ ৱায়ানাদৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়েও টুইটযোগে শোক প্ৰকাশ কৰাৰ লগতে নিহতসকলৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে (Rahul Gandhi tweeted) ।

দুৰ্ঘটনাটোত নিহত হোৱাসকলৰ মাজত অধিক সংখ্যকেই মহিলা আৰু শিশু বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে, নাওখনত নাছিল কোনো সুৰক্ষা ব্যৱস্থা ।