Local, Vocal, Global

Overlapping in recruitment : ৫১ হাজাৰ নহয়, মাত্ৰ ২০-২৫ হাজাৰেহে লাভ কৰিব চাকৰি !

গুৱাহাটী,৭ মে’: শেহতীয়াকৈ প্ৰকাশ পোৱা ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ফলাফলৰ ক্ষেত্ৰত অ’ভাৰ লেপিং হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Assam Govt Direct Recruitment 2023) । তাৰোপৰি এই ফলাফলৰ তালিকাত ব্যাপক বিসংগতি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধীৰ লগতে ৰাজ্যৰ বিভিন্ন দল সংগঠনে ।

শেহতীয়াকৈ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়েও অসন্তুষ্টি প্ৰকাশ কৰি সামাজিক মাধ্যমযোগে লিখিলে এইদৰে, “নিযুক্তিত অভাৰলেপিং হোৱা বুলি মোলৈ অজস্ৰ মেচেজ আহিছে। কোনো সদাশয় ব্যক্তিয়ে সঠিক তথ্যখিনি ভালকৈ দিয়কচোন ।”

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা ১১.মে’ত খানাপাৰাত প্ৰায় ৫১ হাজাৰ নিৱনুৱাৰ হাতত নিযুক্তি পত্ৰ বিতৰণ কৰিব বুলি সদম্ভ ঘোষণা কৰিছে যদিও বাস্তৱত ইয়াৰ মাত্র ৫০ শতাংশ পদহে পূৰ্ণ হ’ব বুলি চৰ্চা লাভ কৰিছে (Himanta Biswa Sarma)। চৰ্চা অনুসৰি ৫১ হাজাৰ পদৰ বিপৰীতে ২০-২৫ হাজাৰ নিবনুৱাইহে প্ৰকৃততে সংস্থাপন লাভ কৰিব । ফলত অর্ধেক সংখ্যক পদ খালী হৈ ৰ’ব ।

অভিযোগ অনুসৰি, চৰকাৰে ঘোষণা কৰা পদৰ বিপৰীতে ৫০ শতাংশ পদহে পূৰণ হোৱাৰ মূল কাৰণটো হৈছে অভাৰলেপিং। অর্থাৎ তৃতীয় বৰ্গৰ চাকৰিত এজন প্রার্থীয়ে সর্বাধিক ৪টাকৈ পদত বাছনি লাভ কৰাত অধিকাংশ পদেই খালী হৈ ৰ’ব । শনিবাৰে ৰাজ্যিক নিযুক্তি আয়োগে তৃতীয় বৰ্গৰ পদৰ বাছনিকৃত প্রার্থীৰ বিভাগ বিতৰণ কৰাৰ পাছতেই একোজন প্রার্থী ৪-৫টা বিভাগৰ পদত চাকৰি লাভ কৰাটো স্পষ্ট হৈ পৰিছে ।

কোনো এজন প্ৰাৰ্থীয়ে বিত্ত, হস্ততাঁত বস্ত্র বিভাগ, গৃহ আৰু ৰাজনীতি বিভাগ আৰু জলসিঞ্চন বিভাগত কনিষ্ঠ সহায়ক, খণ্ড সহায়ক পদত নিযুক্তি লাভ কৰাৰ বিপৰীতে আন কোনোৱে আকৌ খাদ্য সুৰক্ষা বিভাগ, কাৰিকৰী শিক্ষা বিভাগ, জলসিঞ্চন আৰু ভৈয়াম জনজাতি কল্যাণ বিভাগত উপ-পৰিদৰ্শক, কনিষ্ঠ সহায়ক পদত নিযুক্তি লাভ কৰিছে ।

কেৱল তৃতীয়-চতুৰ্থ বৰ্গৰ ৰাজ্যিক নিযুক্তি আয়োগে বাছনি কৰা পদ সমূহতে অভাৰলেপিং হোৱা নহয়, আন আন বিভাগসমূহতো ব্যাপক মাত্ৰাত অ’ভাৰলেপিং হোৱাৰ অভিযোগ উত্থাপিত হৈছে । অর্থাৎ আন্তঃবিভাগ আৰু বহিঃ বিভাগ দুয়োটা পৰ্যায়তে অভাৰলেপিং হৈছে । একাংশৰ মতে, নিযুক্তি আয়োগে যদিহে প্ৰথমেই অগ্ৰাধিকাৰৰ ভিত্তিত আবেদনৰ সুযোগ দি এপিএছচিৰ দৰে এটা পদৰ বিপৰীতে এজনকৈ প্ৰাৰ্থীক চূড়ান্ত বাছনি কৰা হ’লে প্ৰকৃতাৰ্থত ১ লাখ নিবনুৱাই নিযুক্তি লাভ কৰিলেহেঁতেন । এতিয়া অ’ভাৰলেপিঙৰ বাবে ১ লাখ পদ সংখ্যাটো বাস্তৱত ৫০-৬০ হাজাৰতে সীমাৱদ্ধ হৈ থাকিব ।