Local, Vocal, Global

Noted singer Rishiraj Sharma Passes Away: বিশিষ্ট সংগীত শিল্পী ঋষিৰাজ শৰ্মা বিয়োগ; সাংস্কৃতিক মহলত শোকৰ ছাঁ

গুৱাহাটী, 7 মে’: বিশিষ্ট সংগীত শিল্পী, সাংস্কৃতিক উদ্যোক্তা তথা আইনজীৱী ঋষিৰাজ শৰ্মাৰ দেহাৱসান । স্বনামধন্য শিল্পী প্ৰয়াত দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাৰ পুত্ৰ ঋষিৰাজ শৰ্মাই দেওবাৰে চিকিৎসাধীন অৱস্থাতে হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে । দীৰ্ঘদিনৰে পৰা বৃক্কৰ ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী (GMCH)। অৱশেষত চিকিৎসাধীন হৈ থকা অৱস্থাতে দেওবাৰে পুৱা ৭ বজাত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে (Noted singer Rishiraj Sharma passes away) ।

গুৱাহাটী মহানগৰীৰ দক্ষিণ শৰণীয়াৰ নিবাসী ঋষিৰাজ শৰ্মাই জন্মৰে পৰাই ঘৰতে লাভ কৰিছিল এক সাংস্কৃতিক পৰিৱেশ । প্ৰখ্যাত কণ্ঠশিল্পী দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাৰ সুসন্তান ঋষিৰাজ শৰ্মাই নিজৰ ঘৰখনতে লাভ কৰিছিল সংগীতৰ আদিপাঠ (Son of Late Dilip Sharma and Sudakshina Sharma) । তাৰোপৰি সান্নিধ্য লাভ কৰিছিল মোমায়েক সুধাকণ্ঠ ভূপেন হাজৰিকাৰ । সেই সূত্রে সাংস্কৃতিক ক্ষেত্রখনৰ লগত জড়িত হৈ নিজকে এগৰাকী সংগীত শিল্পী হিচাপে প্ৰতিস্থিত কৰিছিল । সংগীতৰ সাধনা কৰাৰ লগতে তেখেত গুৱাহাটী উচ্চ ন্যায়ালয়ত এগৰাকী অধিবক্তা হিচাপে কৰ্মৰত হৈ আছিল (Advocate of Guwahati High Court) ।

মাতৃ সুদক্ষিণা শৰ্মাৰ সৈতে বিভিন্ন অনুষ্ঠানত সংগীত পৰিৱেশন কৰিছিল ঋষিৰাজ শৰ্মাই । তাৰোপৰি বিভিন্ন অনুস্থানত মাতৃৰ সৈতে তেখেতে প্ৰায়ে বাদ্যসংগত কৰা দেখা গৈছিল । কণ্ঠশিল্পীৰ উপৰিও এগৰাকী সাংস্কৃতিক উদ্যোক্তা, আইনজীৱী আৰু কবি হিচাপে তেওঁৰ আছিল সুনাম । উল্লেখ্য যে, 2021 চনৰ মে’ মাহত ক’ভিডত আক্ৰান্ত হৈ তেখেতে যথেষ্ট জটিলতা পৰিস্থিতিৰ সন্মূখীন হৈছিল ।

উল্লেখযোগ্য যে, শিল্পীগৰাকীৰ বিয়োগত ৰাজ্যৰ সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে । সংগীত শিল্পীগৰাকীৰ এই অকাল বিয়োগত ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে (Assam Chief Minister Himanta Biswa Sarma) । এক টুইটযোগে শোকবাৰ্তাত মুখ্যমন্ত্রীগৰাকীয়ে লিখিলে, “বিশিষ্ট সংগীত শিল্পী ঋষিৰাজ শৰ্মাৰ অকাল বিয়োগৰ খবৰটি পাই ব্যথিত হ’লোঁ ৷ অসমৰ সংগীত জগতৰ অতি চিনাকি নাম, অমায়িক ব্যক্তিত্ব শৰ্মাৰ বিয়োগ আমাৰ বাবে বৃহৎ ক্ষতি ৷ তেখেতৰ বিদেহ আত্মাৰ সদগতিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ৷ এই দুখৰ মুহূৰ্তত তেখেতৰ শোকস্তব্ধ মাতৃ শ্ৰীসুদক্ষিণা শৰ্মা বাইদেউৰ লগতে পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ৷”

শিল্পীগৰাকীৰ বিয়োগত ৰাজ্যৰ সাংস্কৃতিক মন্ত্রী বিমল বড়াইও শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে (Culture Minister Bimal Bora expresses condolences)।

শিল্পীগৰাকীৰ বিয়োগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও প্ৰকাশ কৰিলে শোক (Sarbananda Sonowal expresses condolences) । শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি তেখেতে লিখিলে, “প্ৰসিদ্ধ সংগীতজ্ঞ প্ৰয়াত দিলীপ শৰ্মাদেৱ আৰু যশস্বী কণ্ঠশিল্পী শ্ৰীযুতা সুদক্ষিণা শৰ্মা বাইদেউৰ সুযোগ্য সন্তান, সুগায়ক, কবি, অধিবক্তা ঋষিৰাজ শৰ্মাৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ। সামাজিক-সাংস্কৃতিক জগতত তেখেতৰ কায়িক অনুপস্থিতি আমি সদায়েই অনুভৱ কৰিম । ঋষিৰাজ শৰ্মাৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে তেখেতৰ শোকসন্তপ্ত মাতৃ শ্ৰদ্ধাৰ শ্ৰীযুতা সুদক্ষিণা শৰ্মা বাইদেউ আৰু পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জনালোঁ। ঔঁ শান্তি !”

তাৰোপৰি শিল্পীগৰাকীৰ বিয়োগত ৰাজ্যৰ বিভিন্ন দল-সংগঠনকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে । মৃত্যৰ সময়ত শৰ্মাই তেখেতৰ মাতৃ সুদক্ষিণা শৰ্মাৰ লগতে বহু আত্মীয়-স্বজনক এৰি থৈ গৈছে । উল্লেখ্য যে, ঋশিৰাজ শৰ্মাৰ মৃত্যুৰ সময়ত বয়স আছিল ৫৫ বছৰ ।

লগতে পঢ়ক : Overlapping in recruitment : ৫১ হাজাৰ নহয়, মাত্ৰ ২০-২৫ হাজাৰেহে লাভ কৰিব চাকৰি !