Local, Vocal, Global

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যায়ন চিবিএছইৰ আর্হিত হ’ব

আগন্তুক উচ্চতৰ মাধ্যমিকৰ চূডান্ত বর্ষৰ পৰীক্ষার্থীসকলৰ মূল্যায়ন কিদৰে কৰা হ’ব, সেই সন্দর্ভত মঙলবাৰে শিক্ষা সংসদৰ কার্যালয়ত অনুষ্ঠিত হয় প্রথমখন গুৰুত্বপূর্ণ বৈঠক ৷

এই বৈঠকতে মূল্যায়ন কমিটীয়ে গ্রহণ কৰে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত ৷ এই বৈঠকৰ অন্তত কলা, বিজ্ঞান, বাণিজ্য আৰু কাৰিকৰী বিষয়ৰ মূল্যায়ন সুকীয়াকৈ কৰা হ’ব বুলি উল্লেখ কৰে মূল্যায়ন কমিটীয়ে৷ লগতে এইবাৰ পৰীক্ষার্থীসকলক চি বি এছ ই আৰু আন আন ৰাজ্যৰ মূল্যায়নৰ পদ্ধতিত অসমতো মূল্যায়ন কৰা হ’ব বুলি মন্তব্য কৰে মূল্যায়ন কমিটীৰ অধ্যক্ষ দীপক কুমাৰ শর্মাই ৷

অৱশ্যে এতিয়াও কিছু আলোচনাৰ প্রয়োজন আছে বুলিও মন্তব্য কৰে মূল্যায়ন কমিটীৰ অধ্যক্ষগৰাকীয়ে৷ আনহাতে চৰকাৰে নির্ধাৰণ কৰি দিয়া সময়ৰ ভিতৰতে ৯জনীয়া কমিটীয়ে দাখিল কৰিব মূল্যায়নৰ পদ্ধতি৷ পৰীক্ষার্থীৰ যোগ্যতাৰ ভিত্তিত এইবাৰ মূল্যায়ন কৰা হ’ব বুলি স্পষ্ট কৰে অধ্যক্ষ দীপক কুমাৰ শর্মাই৷ যাৰ বাবে ছাত্র–ছাত্রীসকলক হতাশ নহ’বলৈ আহ্বান জনায় মূল্যায়ন কমিটীয়ে ৷ এইক্ষেত্রত অভিভাৱকসকলৰো বহু দায়িত্ব আছে বুলি মন্তব্য দিয়ে কমিটীয়ে ৷