Local, Vocal, Global

Opposition no-confidence motion in Lok Sabha : মণিপুৰৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কঠোৰ সমালোচনা গৌৰৱ গগৈ

নেশ্যনেল ডেস্ক, ৮ আগষ্ট : বিৰোধীয়ে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱক লৈ উত্তাল লোকসভা (Opposition no-confidence motion in Lok Sabha) । লোকসভাত আজিৰে পৰা আৰম্ভ হৈছে অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা। বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱক লৈ সংসদত আলোচনা আৰম্ভ হৈছে (No confidence motion in Parliament)।

আলোচনাৰ আৰম্ভণিতে বক্তব্য ৰাখে সাংসদ গৌৰৱ গগৈয়ে। অনাস্থা প্ৰস্তাৱক লৈ আলোচনাত মণিপুৰৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কঠোৰ সমালোচনা কৰে গৌৰৱ গগৈয়ে(Modi is criticized by MP Gaurav Gogoi)। সংসদত গৌৰৱ গগৈয়ে কয় যে, প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰ সন্দৰ্ভত মাত মাতক । মণিপুৰে ন্যায় বিচাৰিছে ।

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে লোকসভাত অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনাৰ আৰম্ভণি কৰি কয় যে, ‘আমি অনাস্থা প্ৰস্তাৱ অনাৰ বাবে বাধ্য হৈছো। এয়া সংখ্যাৰ কথা নহয়, মণিপুৰৰ বাবে ন্যায়ৰ কথা আহিছে । মই প্ৰস্তাৱ দাখিল কৰিছো যে এই সদনে চৰকাৰৰ ওপৰত অনাস্থা প্ৰকাশ কৰিছে INDIAই মণিপুৰৰ বাবে এই প্ৰস্তাৱ আনিছে । মণিপুৰে ন্যায় বিচাৰিছে।’

উল্লেখ্য যে অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনাৰ বাবে বিজেপিৰ ২০ সাংসদে সুবিধা লাভ কৰিছে। অনাস্থা প্ৰস্তাৱক লৈ লোকসভাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ।

সাংসদ গৌৰৱ গগৈয়ে কয়, ‘প্ৰধানমন্ত্ৰীয়ে সংসদত কথা নোকোৱাৰ মৌনব্ৰত ৰাখিছে । সেইবাবে, আমি তেওঁৰ নীৰৱতা ভংগৰ বাবে অনাস্থা প্ৰস্তাৱ আনিবলগীয়া হৈছে। আমাৰ প্ৰধানমন্ত্ৰী মোদীলৈ তিনিটা প্ৰশ্ন – আজিলৈ প্ৰধানমন্ত্ৰী মণিপুৰলৈ কিয় যোৱা নাই ? মণিপুৰৰ ওপৰত মাত মাতিবলৈ ৮০ দিন কিয় লাগিল আৰু সেয়াও মাত্ৰ ৩০ ছেকেণ্ডৰ বাবে ? এতিয়ালৈ মণিপুৰৰ মুখ্যমন্ত্ৰীক সলনি কিয় কৰা নাই ?

উল্লেখ্যে যে, মণিপুৰৰ ঘটনা সন্দৰ্ভত সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে। বিৰোধীয়ে মণিপুৰ সন্দৰ্ভত আলোচনা কৰিবলৈ বিচাৰিছে যদিও এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে কোনো বক্তব্য ৰখা নাই।

গৌৰৱ গগৈয়ে কয় যে, ‘প্ৰধানমন্ত্ৰীয়ে স্বীকাৰ কৰিব লাগে যে তেওঁৰ ডাবল ইঞ্জিনৰ চৰকাৰ মণিপুৰত বিফল। যাৰ ফলতে মণিপুৰত ১৫০জন লোকৰ মৃত্যু হ’ল, প্ৰায় ৫০০০ ঘৰ জ্বলাই দিয়া হ’ল, প্ৰায় ৬০,০০০ লোক আশ্ৰয় শিবিৰত আছে আৰু ৬৫০০ এফআইআৰ দাখিল হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে শান্তি আৰু সম্প্ৰীতিৰ পৰিৱেশ সৃষ্টি কৰিব লাগিছিল, তেওঁ বিগত ২-৩ দিনত উচতনিমূলক পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ ফলত সমাজত উত্তেজনাৰ সৃষ্টি হৈছে।’

লগতে পঢ়ক : No confidence motion in Parliament : ৰাহুল গান্ধীয়ে আজি বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আৰম্ভ কৰিব