Local, Vocal, Global

No confidence motion in Parliament : ৰাহুল গান্ধীয়ে আজি বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আৰম্ভ কৰিব

নেশ্যনেল ডেস্ক, ৮ আগষ্ট : ৰাহুল গান্ধীয়ে আজি অৰ্থাৎ মংগলবাৰে সদনত অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আলোচনা আৰম্ভ কৰিব(No confidence motion in Parliament ) ৷ কংগ্ৰেছে মঙলবাৰে লোকসভাত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব ৷ এই সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi Member of Lok Sabha)।

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে এই প্ৰস্তাৱ উত্থাপন কৰিব বুলি জানিব পৰা গৈছে (Gaurav Gogoi Deputy Leader of the Indian National Congress in the Lok Sabha)৷ প্ৰস্তাৱটো মানি লোৱাৰ পিছত আলোচনাৰ আৰম্ভণি কৰিবলৈ কোনে মুখ্য অধ্যক্ষৰ ভূমিকা গ্ৰহণ কৰিব সেয়া সিদ্ধান্ত লোৱাটো দলটোৰ বিবেচনাধীন ৷

সংসদৰ সূত্ৰৰ অনুসৰি , বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱসন্দৰ্ভত বিতৰ্ক লোকসভাত ৮ আৰু ৯ আগষ্টত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ আগষ্টত উত্তৰ দিব বুলি আশা কৰা হৈছে । বিৰোধীৰ অনাস্থা প্ৰস্তাৱক লৈ আজি লোকসভাত আৰম্ভ হোৱা তিনিদিনীয়া বিতৰ্কত মণিপুৰে আধিপত্য বিস্তাৰ কৰিবলৈ সাজু হৈছে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মঙলবাৰে সংসদৰ নিম্ন সদনত নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱসন্দৰ্ভত বিতৰ্ক আৰম্ভ কৰিব। ৭ আগষ্টত উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক মানহানিৰ গোচৰ সন্দৰ্ভত স্থগিতদেশৰ নিৰ্দেশ প্ৰদানৰ পিছত কংগ্ৰেছ দল ৰাহুল গান্ধীৰ ৮ আগষ্টত অনাস্থা প্ৰস্তাৱৰ আলোচনাত অংশগ্ৰহণ কৰিব পাৰিব বুলি আগ্ৰহী হৈ পৰা পৰিলক্ষিত হৈছিল ৷

আনহাতে ৭ আগষ্টত ৰাহুল গান্ধীয়ে সদস্যপদ পুনৰ ঘূৰাই পোৱাৰ লগে লগে এতিয়া কংগ্ৰেছে ৰাহুল গান্ধীয়ে অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনাৰ অধ্যক্ষতা কৰিব বুলি সূত্ৰই প্ৰকাশ কৰিছে । ৮ আগষ্টত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে সদনত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব বুলি সদনৰ সূত্ৰ যোগে জানিবলৈ পৰা গৈছে ৷ “এই সদনে মন্ত্ৰী পৰিষদৰ ওপৰত আস্থাৰ অভাৱ প্ৰকাশ কৰিছে” বুলি সদনত প্ৰস্তাৱ দাখিল কৰা হ’ব ।

লগতে পঢ়ক : Kaziranga National Park : টয়টা কোম্পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগবঢ়ালে এখন টয়টা বাহন