Local, Vocal, Global

High Profile Thief of Jorhat : এটা বিলাসী জীৱন কটোৱা হাই প্ৰ’ফাইলৰ চোৰ, চোৰটোৰ আছে অগাধ সম্পত্তি

টীয়ক, ৮ আগষ্ট : টীয়ক আৰক্ষী থানাত ওলাইছে এটা কোটিপতি চোৰ (High Profile Thief of Jorhat)। চোৰটোৰ আছে অগাধ সম্পত্তি । প্ৰতিখন জিলাত এবাৰলৈ হ’লেও চুৰি কৰি পোৱা চোৰটোৰ তথ্যই আচৰিত কৰিছে আৰক্ষীকো ৷ এটা বিলাসী জীৱন কটোৱা চোৰে উদঙাইছে অসম আৰক্ষীৰ তদন্তৰ নমুনা। বহুবাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পিছতো আৰক্ষীৰ তদন্তই জে’লৰ ভিতৰতে আবদ্ধ কৰি ৰাখিবলৈ সক্ষম হোৱা নাই শিৱসাগৰ কোঁৱৰপুৰৰ অংকুৰ দাস নামৰ চোৰটোক। আৰক্ষীৰ গ্ৰেপ্তাৰ প্ৰক্ৰিয়াক মুঠেই কেৰেপ নকৰা অংকুৰ হৈ পৰিল এটা পেছাদাৰী চোৰ। এটা স্বচ্ছল জীৱন কটোৱা অংকুৰ হৈছে কেইবাখনো গাড়ীৰ গৰাকী । অংকুৰৰ আছে নৈশ বাছ, কেইবাখনো বিলাসী বাহন গৰাকী আৰু বেংকতো আছে লাখ লাখ টকা ।

শেহতীয়াকৈ যোৰহাটৰ এটা চুৰিকাণ্ডৰ অভিযুক্ত অংকুৰ দাস নামৰ চোৰটোক যোৰহাট আৰক্ষীয়ে মৰাণ আৰক্ষীৰ সহযোগত তৎপৰতাৰে গ্ৰেপ্তাৰ কৰিছে । অংকুৰ দাস তিনিচুকীয়াৰ পৰা নিজৰ পৰিয়ালসহ এখন বাহনত নিজ গৃহলৈ আহি থকা অৱস্থাত আৰক্ষীয়ে মৰাণত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

শিৱসাগৰ কোঁৱৰপুৰৰ শেনচোৱা গাঁৱৰ বাসিন্দা এই গভাইত চোৰটো হৈছে কেইবাখনো গাড়ীৰ গৰাকী । আছে সুন্দৰ বাসগৃহ । স্বচ্ছল জীৱনশৈলী এই চোৰটোৰ । কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ’ল প্ৰায় আঠ মাহ পূৰ্বে যোৰহাট আৰক্ষীয়ে এটা চুৰিকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ কৰি অংকুৰক জে’ললৈ প্ৰেৰণ কৰিছিল । ইয়াৰ উপৰি যোৰহাটৰ কেইবাটাও চুৰিকাণ্ডৰ মূল অভিযুক্ত হ’ল অংকুৰ। উজনিৰ কেইবাখনো জিলাত চুৰি কৰি প্ৰায় সাতবাৰকৈ জে’ললৈ গৈছে অংকুৰ দাস।

আৰক্ষীয়ে বাৰে বাৰে গ্ৰেপ্তাৰ কৰিলেও কিয় কম সময়ৰ ভিতৰতে জে’লৰ পৰা ওলাই আহি পুনৰ চুৰিৰ অভিযানত নামি পৰিবলৈ সক্ষম হয় অংকুৰ দাসৰ দৰে চোৰ । ইয়াৰ পূৰ্বে যোৰহাট, শিৱসাগৰত গ্ৰেপ্তাৰ হোৱা এই দুৰ্ধৰ্ষ চোৰটোক আদালতত দোষী সাব্যস্ত কৰি জে’লৰ ভিতৰত ৰাখিবলৈ কিয় সক্ষম হোৱা নাই আৰক্ষী সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে । আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত থকা আঁসোৱাহৰ বাবেই অংকুৰ দাসৰ দৰে চোৰে বিলাসী জীৱন কটাই চুৰিকাৰ্যক পেছা হিচাপে ল’বলৈ সাহস পাইছে নেকি সেই প্ৰশ্নই জোকাৰি গৈছে বহুতকে।

সম্প্ৰতি যোৰহাট জিলাৰ এগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়াই টীয়ক আৰক্ষী থানাত চোৰটোক জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Fake Gold And fake Currency Seized in Guwahati : কাহিলীপাৰাত উৎখাত জাল নোট,নকল সোণৰ কাৰখানা, দুজনক গ্ৰেপ্তাৰ