Local, Vocal, Global

Imran Khan in Jail : কাৰাগাৰত সন্ত্রাসবাদীৰ বাবে সংৰক্ষিত কোঠাত ৰখা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক

ইণ্টাৰনেশ্যনেল ডেস্ক, ৮ আগষ্ট : পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এতিয়া কাৰাগাৰৰ বন্ধ কুঠাত আৱদ্ধ (Imran Khan in Jail) । কোষাগাৰ গোচৰত দোষী সাব্যস্ত হোৱা ইমৰান খানক ৩ বছৰৰ কাৰাদণ্ড বিহা হৈছে (Imran Khan sentenced to 3 years in prison) । প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে পিছে কাৰাগাৰত মৰ্যাদা অনুসৰি সা-সুবিধা লাভ কৰা নাই, বিপৰীতে পঞ্জাৱ প্ৰদেশত থকা এটক কাৰাগাৰত ইমৰান খান তৃতীয় শ্ৰেণীৰ এটা কোঠাতে বন্দী হৈ আছে (Pakistan former Prime Minister Imran Khan )। মুক্ত পায়খানা, এখন ফেনৰ সুবিধাহে লাভ কৰিছে ইমৰান খানে।

কাৰাগাৰত থকা সন্ত্ৰাসবাদীৰ বাবে সংৰক্ষিত কোঠাত ৰখা হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক। ইমৰাণৰ অধিবক্তা নিয়াম হাইদৰ পানজোথাৰে সোমবাৰে ইছলামবাদ উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনত এই দাবী উত্থাপন কৰে।

উল্লেখ্য ইছলামবাদৰ আদালতে শনিবাৰে ইমৰানক দুৰ্নীতিৰ গোচৰত তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। শাস্তি ঘোষণাৰ পিছদিনা ইমৰাণক লাহোৰৰ জামান পাৰ্কৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁক পঞ্জাৱৰ কুখ্যাত এট’ক জেললৈ প্ৰেৰণ কৰা হয়। ইয়াত ৰখা বন্দীসকলৰ ভিতৰত দোষী সাব্যস্ত হোৱা সন্ত্ৰাসবাদীও আছে ।

পাকিস্তান তেহৰিক-ই-ইনছাফৰ দলৰ মুৰব্বী অধিবক্তা নিয়ামে ইমৰানক এট’ক কাৰাগাৰত বন্দী কৰি ৰখা বিষয়টো ‘অবৈধ’ বুলি ঘোষণা কৰাৰ লগতে তেওঁক ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰলৈ স্থানান্তৰৰ আৰ্জি জনাই ইছলামবাদ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে।

একেখন আৱেদনতে ইমৰান খানক কাৰাগাৰত প্ৰথম (এ) শ্ৰেণীৰ সুবিধা প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হৈছে। আবেদনখনত কোৱা হৈছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক ৯৯ বৰ্গফুট জোখৰ এটা কোঠাত ৰখা হৈছে । তেওঁৰ কোঠাৰ লগত সংলগ্ন শৌচাগাৰটো লেতেৰা। চেলটোও লেতেৰা। সাধাৰণতে এই চেলটো সন্ত্ৰাসবাদীৰ বাবে সংৰক্ষিত থাকে।

১৯০৫ চনৰ পৰা ১৯০৬ চনত ব্ৰিটিছ চৰকাৰে নিৰ্মাণ কৰিছিল এট’ক কাৰাগাৰ । এইটো ৬৭ একৰ মাটিত নিৰ্মাণ কৰা হৈছে । আবেদনখনত কোৱা হৈছে যে কু-অভিপ্ৰায় আৰু চৰকাৰী হেঁচাত ইমৰাণক কাৰাগাৰত গুৰুতৰ অপৰাধীৰ দৰে ব্যৱহাৰ কৰা হৈছে।

তেওঁৰ অধিবক্তা নিয়ামক সোমবাৰে বিয়লি জেলত ইমৰাণক সাক্ষাত্‍ কৰিবলৈ অনুমতি দিয়া হয়। কাৰাগাৰত ১ ঘণ্টা ৪৫ মিনিট সময় কথা পাতিছিল দুয়োজনে। এই বৈঠকৰ অন্তত অধিবক্তা নিয়ামে কয় যে এই সকলোবোৰৰ মাজতো ইমৰাণৰ মনোবল শক্তিশালী হৈ আছে।

প্ৰধানমন্ত্ৰী হৈ থকা সময়চোৱাত ইমৰান খানে লাভ কৰা বহু উপহাৰ বিক্ৰী কৰাৰ অভিযোগত দোষী সাব্যস্ত হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান। এই গোচৰটোক কোৱা হৈছে তোষাখানা গোচৰ। তোষাখানা বা কোষাগাৰ, পাকিস্তানৰ কেবিনেট ডিভিজনৰ অধীনৰ এটা বিভাগ। এই তোষাখানা বা কোষাগাৰতে শাসক অথবা চৰকাৰী বিষয়াক আন চৰকাৰ বা বিদেশী অতিথিয়ে দিয়া উপহাৰসমূহ ৰখা হয়। ইমৰান খানে অৱশ্যে এই অভিযোগ নসাৎ কৰি তেঁওৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ চলা বুলি দাবী কৰি আহিছে ।

উল্লেখ্য যে পাকিস্তানত প্ৰধানমন্ত্ৰী গ্ৰেপ্তাৰ হোৱা ঘটনা এয়ে প্ৰথম নহয় । এতিয়ালৈ পাঁচ গৰাকীকৈ প্ৰধানমন্ত্ৰীয়ে কাৰাগাৰত দিন কটাব লগীয়া হৈছে । এই ক্ষেত্ৰত প্ৰথমগৰাকী পাকিস্তানৰ প্ৰধানমন্ত্ৰী হ’ল হুছেইন শ্বাহিদ শোহৰাবৰ্দি ।

লগতে পঢ়ক : Opposition no-confidence motion in Lok Sabha : মণিপুৰৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কঠোৰ সমালোচনা গৌৰৱ গগৈ