নাগালেণ্ডত কাৰ চৰকাৰ ?
ডিজিটেল ডেস্ক:-বৃহস্পতিবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে নাগালেণ্ডৰ ভোটগণনা প্ৰক্ৰিয়া।৬০ খন আসনৰ ভিতৰত ৫৯ খনত প্ৰতিদ্বন্দিতা কৰা ১৮৩ জন প্ৰাৰ্থী ভৱিষ্যতৰ বাবে আজি পুৱা ৮ বজাৰ পৰা নাগালেণ্ডত বিধানসভাৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে।জানিব পৰা মতে এইবাৰ নাগালেণ্ড নিধানসভা নিৰ্বাচনৰ বাবে ৮৩ শতাংশতকৈ অধিক ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্য়স্ত কৰিছিল।ৰাজ্যখনৰ ভোটগণনাৰ প্ৰক্ৰিয়াৰ বাবে তিনিতৰপীয়া নিৰাপত্তা ব্য়ৱস্থা গ্ৰহন কৰা হৈছিল।ইয়াৰ ভিতৰত আছে প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী,ৰিটাণিং বিষয়া আৰু পৰ্যবেক্ষকৰ উপস্থিতিত ভোটগণনা কেন্দ্ৰলৈ পৰিবহণ কৰা ইভিএমবোৰৰ চিচি টিভি নিৰীক্ষণ।
সমগ্ৰ ৰাজ্যখনতে মুঠ ১৬ টা ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে।প্ৰতিটো বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে পৃথক পৃথক গণনা টেবুলৰ ব্য়ৱস্থা কৰা হৈছে।নাগালেণ্ডৰ টুৱেনচাং সদৰ ১ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীৰ জয়।সমষ্টিটোৰ বিধায়কক হৰুৱালে বিজেপিৰ পি বাচাংমংবা চাঙে।NPCৰ বিধায়ক আছিল ভোটযুদ্ধত পৰাস্ত তয়াং চাং।
এনডিপিপি আৰু বিজেপিৰ মিত্ৰজোঁটে দ্বিতীয়বাৰৰ বাবে শাসনৰ বাঘজৰী লোৱাৰ সম্ভাৱনা আছে।নিৰ্বাচনৰ ফলাফল আজি দিনৰ শেষৰ ফালে ঘোষণা হোৱাৰ সম্ভাৱনা আছে।কাৰ দখললৈ যাব নাগালেণ্ড?নিৰ্বাচনী ফলাফলক লৈ আশাবাদী বিজেপিৰ সমৰ্থক।কাৰণ সাধাৰণ জনতাৰ বাবে বিজেপিয়ে কাম কৰিছে বহুতো।কাৰ শাসনলৈ যাব নাগালেণ্ড।