Local, Vocal, Global

তিনিখন ৰাজ্যৰ ভোটগণনা, কাৰ শাসনলৈ নাগালেণ্ড, মেঘালয়,ত্ৰিপুৰা ?

ডিজিটেল ডেস্ক:-আজি ঘোষণা হ’ব তিনিখনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল।নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাৰ নিৰ্বাচনৰ ভোটগণনা পুৱা ৮ বজাৰৰে পৰা আৰম্ভ হৈছে।১৬ ফেব্ৰুৱাৰীত ত্ৰিপুৰা বিধানসভাৰ ৬০টা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল।ভোটদানৰ হাৰ আছিল প্ৰায় ৮০ শতাংশ।
২৭ফেব্ৰুৱাৰীত ভোটগ্ৰহন হোৱা মেঘালয়ত বিধানসভা নিৰ্বাচনৰ ৫৯ খন আসন কাৰ দখললৈ যাব সেই এতিয়া ব্যাপক কল্পনা জল্পনা।
ত্ৰিপুৰাৰ দৰেই নাগালেণ্ড, মেঘালয়ৰ বিধানসভাৰো আসন ৬০ খনকৈ।এগজিট প’লসমূহৰ মতে এইবাৰ ত্ৰিপুৰাত বিজেপিয়ে ৩৬ ৰ পৰা ৪৫ খন আসম লাভ কৰাৰ সম্ভাৱনা আছে।ভোটফেৰৎ সমীক্ষা মতে ৰাজ্যখনত এইবেলিও নেচনেল পিপলছ পাৰ্টী (এন পি পি)য়ে অধিক আসন লাভ কৰিব। ৬০ খন আসনৰ মাজত এন পি পি য়ে ১৮ ৰ পৰা ২৪ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে । বিজেপিয়ে ত্ৰিপুৰা আৰু নাগালেণ্ডত পাব ৮-৮ খনকৈ আসন । আনহাতে, কংগ্ৰেছ জয়ী হ’ব ৬-১২ খন আসনত । তদুপৰি তৃণমূল কংগ্ৰেছে লাভ কৰিব ৫-৯ খন আসন ।নাগালেণ্ডত এইবাৰ এনডিপিপি আৰু বিজেপিয়ে যৌথভাৱে মেজিক নাম্বাৰ লাভ কৰি চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে।

ৰাজ্যদুখনত পৰিৱৰ্তন আনিবলৈ যে সকলো সাজু সেই কথ‍া ইতিমধ্যেই প্ৰমাণিত হৈছে । তেনেস্থলত এতিয়া অপেক্ষা মাথো ফলাফল ঘোষণালৈ ।তিনিৰাজ্যৰ ফলাফল কি হ’ব সেয়া ভোটগণনাৰ অন্ততহে স্পষ্ট হ’ব।