Local, Vocal, Global

শিলসাঁকো বিলত আজিও চলিল উচ্ছেদ অভিযান…

শিলসাঁকো বিলত আজিও চলিছে প্ৰশাসনৰ বুলড’জাৰ।আজিও চলিলে শিলসাঁকো বিলত উচ্ছেদ অভিযান।পূৰ্বে তিনিদিন উচ্ছেদ চলাৰ কথা আছিল কিন্তু তিনিদিনত উচ্ছেদ সম্পূৰ্ণ কৰিব নোৱাৰিলে। আজি শিলসাঁকোৰ উচ্ছেদৰ চতুৰ্থ দিন।

২মাৰ্চত সাতগাঁও অঞ্চলৰ ৪০ বিঘা মাটিত উচ্ছেদ চলিব।উল্লেখযোগ্য যে এতিয়ালৈ শিলসাঁকো বিলৰ পৰা ২৮৭ বিঘা মাটি বেদখলমুক্ত কৰা হৈছে।জানিব পৰা মতে এতিয়াো ৯০০ বিঘা মাটিত উচ্ছেদ চলাব বাকী আছে।ট

উল্লেখনীয় যে শুক্ৰবাৰ ৩ মাৰ্চৰ পৰা ৰাজ্যত মেট্ৰিক পৰীক্ষা আৰম্ভ হ’ব।সেইবাবে শিলসাঁকোত উচ্ছেদ চলাব বাধা প্ৰদান কৰে অঞ্চলটোৰ লোকসকলে।মেট্ৰিক পৰীক্ষাত অৱৰ্তীণ হ’বলগীয়া শিক্ষাৰ্থী সকলে কান্দি কান্দি উচ্ছেদ নকৰিবলৈ আহ্বান জনায়।