Local, Vocal, Global

বৰদিনত হিন্দু লোক গীৰ্জালৈ গ’লে প্ৰহাৰৰ ভাবুকি

সমাগত বৰদিনত হিন্দু ধৰ্মাৱলম্বী কোনো ব্যক্তি গীৰ্জালৈ গ’লে সেয়া সহ্য কৰা নহ’ব। কোনোবা গ’লেই দিয়া হ’ব পিটন। এই ঘোষণা কাছাৰ জিলাৰ বিশ্ব হিন্দু পৰিষদৰ সাধাৰণ সম্পাদক মিঠু নাথৰ। খ্ৰীষ্টানসকলৰ কোনো উৎসৱত কোনো হিন্দু লোকৰ অংশগ্ৰহণ নচলিব বুলি সাৱধান বাণী নাথৰ। মেঘালয়ৰ শ্বিলঙত বৰদিন উপলক্ষে ৰামকৃষ্ণ মিচনৰ এটি অংশ সাময়িকভাৱে বন্ধ কৰি ৰখাক লৈ বিভিন্ন অভিযোগ উত্থাপন কৰিছে বজৰংগ দল আৰু ভিএইচপিৰ কৰ্মীসকলে। খ্ৰীষ্টানৰ উৎসৱৰ বাবে হিন্দুৰ আৰাধনা বন্ধ ৰখাৰ অভিযোগ তেওঁলোকৰ। তাৰ মাজতে শিলচৰত এটি অনুষ্ঠানত অংশ লৈ শ্বিলঙৰ প্ৰসংগ টানি আনি মিঠু নাথৰ মন্তব্য, ‘বৰদিনত কোনো হিন্দু যাতে গীৰ্জালৈ নাযায়। কোনোবা গ’লেও আমি বাধা দিম। তাৰ পিছতো যদি কোনোবা যায় তেন্তে তেওঁৰ ভাগ্যত পিটন লিখা আছে।’ ইমানতে ক্ষান্ত নাথাকি মিঠু নাথৰ মন্তব্য এনে ঘোষণাৰ বাবে তেওঁক গুণ্ডা হিচাপে অভিহিত কৰিলেও তেওঁ কেৰেপ নকৰে। বিপৰীতে মিঠুৰ অভিযোগ অস্বীকাৰ কৰিছে মেঘালয় চৰকাৰে। ৰামকৃষ্ণ মিচনৰ কোনো মন্দিৰ বন্ধ কৰা হোৱা নাই। উৎসৱ উপলক্ষে ছুটীৰ বাবেহে বন্ধ আছে কালচাৰেল চেণ্টাৰ।