কৰ’নাৰ প্ৰতিষেধক লোৱাৰ ১৫ দিন পিছতে স্বাস্থ্যমন্ত্ৰী আক্ৰান্ত কৰ’নাত

হাৰিয়ানাৰ স্বাস্থ্যমন্ত্ৰী অনিল ভিজে দেশত প্ৰস্তুত হৈ থকা কোভাস্কিন নামেৰে কৰ’নাৰ সাম্ভাব্য প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰিছিল। ১৫ দিন পূৰ্বে কৰ’নাৰ প্ৰতিষেধক লৈছিল হাৰিয়ানাৰ গৃহ তথা স্বাস্থ্য বিভাগৰ মন্ত্ৰী ভিজে। কিন্তু শনিবাৰে অনিল ভিজৰ টুইট- মোৰ দেহত কৰ’না ধৰা পৰিছে, ভৰ্তি হৈছো আম্বালা কেণ্টনমেণ্টৰ চিভিল হাস্পতালত। যিসকল মোৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকক ক’ভিড পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছো। লগে লগে প্ৰশ্ন উঠিছে কৰ’নাৰ প্ৰতিষেধক গ্ৰহণৰ পিছতো কেনেদৰে কৰ’নাত আক্ৰান্ত হ’ল অনিল ভিজ? কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে জনাইছে যে প্ৰতিষেধকৰ দ্বিতীয় ডোজ গ্ৰহণ কৰাৰ পিছতহে এজন লোকৰ শৰীৰত কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধকাৰী এণ্টিবডী তৈয়াৰ হ’বলৈ আৰম্ভ কৰে। কিন্তু অনিল ভিজে কভাক্সিনৰ কেৱল প্ৰথম ডোজহে গ্ৰহণ কৰিছিল। কভাক্সিন প্ৰস্তুতকাৰী সংস্থা ভাৰত বায়টেকৰ দাবী প্ৰতিষেধকবিধৰ দ্বিতীয় পালি গ্ৰহণ কৰাৰ ১৪ দিনৰ পিছতহে এই ভেকচিন কাৰ্যকৰী হয়। উল্লেখ্য যে ভাৰত বায়টেকে প্ৰস্তুত কৰা কভাক্সিনৰ ক্লিনিকেল ট্ৰায়েলত অংশ লৈ ২০ নৱেম্বৰত প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰিছিল ৬৭ বছৰীয়া অনিল ভিজে। প্ৰথম দুটা পৰ্যায়ৰ পৰীক্ষাত নিৰাপদ প্ৰমাণিত হোৱাৰ পিছত দেশত আৰম্ভ হৈছিল কভাক্সিনৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েল।