Local, Vocal, Global

১০ ডিচেম্বৰত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

১০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰিব নতুন সংসদ ভৱনৰ আধাৰশিলা। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই জনাই যে আধাৰশিলাৰ উপৰিও নিৰ্মাণথলীত ভূমি পূজন কৰিব প্ৰধানমন্ত্ৰীয়ে। ৯৭১ কোটি টকা ব্যয় সাপেক্ষে ৬৪৫০০ বৰ্গমিটাৰ এলেকাত নিৰ্মাণ হ’ব নতুন সংসদ ভৱন। ‘নতুন অট্টালিকাত দেশৰ সাংস্কৃতিক বৈচিত্ৰ্য প্ৰতিফলিত হ’ব। আশা কৰা হৈছে দেশৰ স্বাধীনতাৰ ৭৫তম্ বৰ্ষত নতুন ভৱনত হ’ব সংসদৰ অধিৱেশন।’ মন্তব্য অধ্যক্ষ ওম বিৰলাৰ। এই নিৰ্মাণ কাৰ্যত প্ৰত্যক্ষভাৱে জড়িত থাকিব ২০০০ লোক আৰু পৰোক্ষভাৱে ৯০০০ লোক। সৰ্বমুঠ ১২২৪গৰাকী সাংসদে এই অট্টালিকাত একেলগে বহিব পাৰিব। লোকসভাত মুঠ ৮৮৮জন আৰু ৰাজ্যসভাত মুঠ ৩৮৪গৰাকী সাংসদ বহিব পৰাকৈ ব্যৱস্থা কৰা হ’ব। বৰ্তমান লোকসভাত ৫৪৩জন সদস্য থকাৰ বিপৰীতে ৰাজ্যসভাত ২৪৫জন সাংসদ থাকে। কিন্তু ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি উভয় সদনতে অধিক সংখ্যক সাংসদ বহিব পৰাৰ ব্যৱস্থা কৰা হৈছে। নিবিদাৰ আধাৰত টাটা প্ৰজেক্টছ লিমিটেডে লাভ কৰিছে নতুন সংসদ ভৱন নিৰ্মাণৰ ঠিকা। নতুন ভৱনটো নিৰ্মাণ হৈ উঠিলে বৰ্তমানৰ সংসদ ভৱনটো পুৰাতাত্বিক সম্পদ হিচাপে গণ্য কৰা হ’ব।