Local, Vocal, Global

Two meetings will be held in Delhi : আলফাৰ আলোচনাপন্থী গোটে আজি কেন্দ্ৰৰ সৈতে শান্তি আলোচনা পুনৰ আৰম্ভ কৰিব

নিউজ ডেস্ক, ১৮ আগষ্ট : আজি দিল্লীত আলফা নেতৃত্বৰে দুখনকৈ বৈঠকত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে (Two meetings will be held in Delhi) । নতুন দিল্লীত কেন্দ্ৰ, অসম চৰকাৰ আৰু উলফা আলোচনাপন্থী ফৈদৰ মাজত শান্তি আলোচনা অনুষ্ঠিত হ’ব।

শুকুৰবাৰে দিল্লীত অনুষ্ঠিত হ’ব আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত দুখনকৈ বৈঠক(ULFA pro-talk faction to resume peace talks with Centre today) । ইতিমধ্যে বৃহস্পতিবাৰৰ পৰা নতুন দিল্লীত বাহৰ পাতি আছে আলোচনাপন্থী আলফাৰ চাৰিজন শীৰ্ষ নেতা। এই নেতাকেইজন ক্ৰমে সভাপতি অৰবিন্দ ৰাজখোৱা, শশধৰ চৌধুৰী, ৰাজু বৰুৱা আৰু অনুপ চেতিয়া। আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে বৃহস্পতিবাৰেই নতুন দিল্লীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও(Assam government and the United Liberation Front of Asom) ।

উল্লেখ্য যে আজি দিল্লীত আলফা নেতৃত্বৰে দুখনকৈ বৈঠকত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। প্ৰথমখন বৈঠক হ’ব সচিব পৰ্যায়ৰ। এই বৈঠকত আলফা নেতৃত্বৰ সৈতে আলোচনাত মিলিত হ’ব গৃহ মন্ত্ৰণালয়ৰ কেইবাজনো শীৰ্ষ বিষয়া । বৈঠকত আলফা নেতৃত্বই উত্থাপন কৰি অহা দাবী সন্দৰ্ভত আলোচনা কৰিব । ইফালে, বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব লগা বৈঠকত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বৈদেশিক মন্ত্ৰণালয়ৰ আন দুজন শীৰ্ষ আমোলাই।

দীৰ্ঘদিন ধৰি আলফা-চৰকাৰৰ আলোচনা চলি আহিছে যদিও কোনো ধৰণৰ মীমাংসাত উপনীত হ’ব পৰা নাই । ২০০৯ চনৰ ৩০ নৱেম্বৰত বাংলাদেশত গ্ৰেপ্তাৰ কৰা হৈছিল আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাক। পৰৱৰ্তী পৰ্যায়ত ভাৰত চৰকাৰক হস্তান্তৰ কৰা হৈছিল ৰাজখোৱাক। ইয়াৰ পিছত আলফাৰ শীৰ্ষ নেতা শশ চৌধুৰী, ৰাজু বৰুৱা, অনুপ চেতিয়া, মৃণাল হাজৰিকা, প্ৰৱাল নেওগকে ধৰি বহু নেতাই আলফা ত্যাগ কৰে চৰকাৰৰ সৈতে আলোচনাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰেও শান্তি আলোচনাত অংশগ্ৰহণ কৰিবলৈ মুখ্য সেনাধ্যকে ধৰি আন নেতাসকলকো আহ্বান জনায়। কিন্তু মুখ্য সেনাধ্যক্ষগৰাকী নিজৰ স্থিতিত অটল থাকিল যদিও অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত আনসকল নেতাই আলোচনাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে। ফলত দুভাগত বিভক্ত হৈ পৰে আলফা।

উল্লেখ্য যে আলোচনাপন্থী আলফাৰ দাবী কেন্দ্ৰীয় চৰকাৰক দাখিল কৰাৰ পূৰ্বে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ সৈতে কেইবালানিও আলোচনাত অংশগ্ৰহণ কৰে আলফা নেতাসকলে। বিশেষকৈ দাবী চনদ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ড০ গোহাঁয়ে বিশেষ আগভাগ লয়। অৰবিন্দ ৰাজখোৱা, ৰাজু বৰুৱা, অনুপ চেতিয়াই ড০ হীৰেন গোহাঁইকে ধৰি কেইবাজনো বিশিষ্ট বুদ্ধিজীৱীৰ পৰামৰ্শ লৈ প্ৰস্তুত কৰা দাবী চনদ কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিছিল যদিও আলোচনা বিশেষ আগবঢ়া নাছিল। কেন্দ্ৰীয় চৰকাৰেও দাবী চনদ এইদৰে পেলাই ৰখাত ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰি আহিছিল আলফা নেতাসকলে।

পৰৱৰ্তী পৰ্যায়ত আলোচনাৰ অংশ হ’ব পাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিবলগীয়া বৈঠকত পূৰ্বে দাখিল কৰা দাবী চনদ সন্দৰ্ভত সবিশেষ আলোচনা কৰাৰ সম্ভাৱনা আছে। আলফাই দাবী চনদত দিয়া কেইবাটাও দাবী কেন্দ্ৰই মানিবলৈ অস্বীকাৰ কৰা বাবেও আলোচনা প্ৰক্ৰিয়া স্থবিৰ হৈ পৰিছিল। আজিৰ আলোচনাই কিছু ইতিবাচক ইংগিত ৰাজ্যবাসীলৈ প্ৰেৰণ কৰিছে যদিও আলোচনাপন্থী আলফা শিবিৰৰ সৈতে শান্তি চুক্তি কেতিয়া স্বাক্ষৰিত হ’ব অথবা কেনেধৰণৰ প্ৰতিশ্ৰুতিৰে আলফা সমস্যাটো সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ প্ৰস্তুত হৈছে সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ’ব ।

লগতে পঢ়ক : Indrani Tahbildar Death Case : চানমাৰি থানাত উপস্থিত আত্মগোপন কৰি থকা দ্বীবন ডেকা