Indrani Tahbildar Death Case : চানমাৰি থানাত উপস্থিত আত্মগোপন কৰি থকা দ্বীবন ডেকা
নিউজ ডেস্ক, ১৮ আগষ্ট : চানমাৰি থানাত উপস্থিত বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত দ্বিবন ডেকা । আজি পুৱাই চানমাৰি থানাত হাজিৰ হয় দ্বিবন ডেকা (Indrani Tahbildar Death Case)। হাফপেণ্ট-টিছাৰ্ট পিন্ধি থানাত হাজিৰ হয় দ্বিবন ডেকা। ইন্দ্ৰাণী তহবিলদাৰৰ ফটো ভাইৰেল কাণ্ডত নাম সাঙোৰ খাইছিল দ্বিবন ডেকাৰ (Accused Dwiban Deka appears at Sanmari police station) ।
এই দ্বিবন ডেকাই সিদ্ধাৰ্থ ভট্টাচাৰ্যক দিছিল ইন্দ্ৰাণীৰ ফটো । ভাইৰেল হৈছিল দ্বিবন ডেকা আৰু ৰিয়া দাসৰ ফোনকল। ফোনকলত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম লৈছিল দ্বিবন আৰু ৰিয়াই । ভাইৰেল হৈছিল ইন্দ্রাণী-দ্বীবন ডেকাৰ টেলিফোনিক বাৰ্তালাপ।
উল্লেখ্য ইন্দ্ৰাণীৰ মৃত্যুৰ পূৰ্বে দ্বিবন ডেকা, ৰিয়া আৰু ইন্দ্ৰাণীৰ মাজৰ এটা ফোনকল ভাইৰেল হৈছিল । সেই অডিঅ’ ক্লিপটোত দ্বিবন ডেকাই কৈছিল, ‘‘ইন্দ্ৰাণী, মোৰ দ্বাৰা এইটো বহুত ডাঙৰ ভুল হৈছে, মই বহুত ডাঙৰ পাপ কৰিছো। মই তোমাৰ ভৰিত ধৰালৈকে ৰেডী আছো। তুমি মোক যি শাস্তি দিয়া। মই জীৱনত মাখি এটাও মাৰি পোৱা নাই। মই বেকাৰ ২৬ মাহ জে’ল খাই আহিছো । মই যেতিয়া বিজেপি কৰিছিলো, তেতিয়া বিজেপিৰ কোনো ডাঙৰ লীডাৰে নাছিল। আজি মই ইমান ঘৃণনীয় কাম এটা কৰিছো, নিজৰ সন্মুখতে লাজ পাইছো । তোমাৰ মই চেণ্ডেলৰ কোব খোৱাও যোগ্য নহয় ইন্দ্ৰাণী । তুমি যি শাস্তি দিয়া, যেনেকে কোৱা সেইমতে মই কৰিম । মই কোনো মহিলাৰ চৰিত্ৰত দাগ নলগাওঁ।’’
দ্বিবন ডেকাই আৰু কৈছিল, ‘‘ইন্দ্ৰাণী তোমাৰ অভিশাপ মোৰ গাত লাগিব। তুমি লিখি ৰাখিবা, এই জনমতে তুমি দেখাও পাবা। মই তোমাৰ লগত এইটো বহু ডাঙৰ ভুল কৰিলো দেই। মই এনেকুৱা ফাষ্ট্ৰেটেড হৈ আছো আজি, উপায় নাই ইন্দ্ৰাণী, মাফ কৰিবা। তোমাক প্ৰতিশ্ৰুতি দিছো, এই বিষয়টোত মই তোমাৰ সন্মুখত থিয় হৈ থাকিম দাদা হিচাপে।’’
ফোন কলটোত দ্বিবনে লগতে কৈছিল, ‘‘তোমাৰ কোনো ভিডিঅ’ নাই । তোমাৰ এইখন ফটো গৈছে, ইয়াৰ কাৰণে যি শাস্তি দিয়া। তুমি এইটো নিশ্চিন্ত থাকা, তোমাক আধাতে এৰি নিদিওঁ।’’
উল্লেখযোগ্য যে ইন্দ্ৰাণীৰ মৃত্যুৰ পিছৰে পৰা অন্তৰ্ধান হৈ আছিল দ্বিবন ডেকা। কিন্তু আজি পুৱা নিজেই চানমাৰি থানাত হাজিৰ হয় দ্বিবন ডেকাই ।
উল্লেখ্য SI নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ডৰো মূল অভিযুক্ত আছিল দ্বিবন ডেকা ।
লগতে পঢ়ক : Former Minister Rajen Gohain to resign : আজি পদত্যাগ কৰিব প্ৰাক্তন মন্ত্রী ৰাজেন গোহাঁইয়ে